--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নাটকখনত গৌৰাংগ নাৰায়ণ দেৱ, আকাশ শইকীয়া আৰু বি
  • পালকীয়ে অভিনয় কৰিব। জ্ঞানদীপ ডেকাই সংগীত পৰিচালনা আৰু ডিম্পল এছ
  • কে
  • ই পোহৰ ব্যৱস্থাপনা কৰিছে।

ডিজিটেল ডেস্ক: কথক নৃত্যাংগনা, অভিনেত্ৰী তথা পৰিচালক বি. পালকীৰ নতুন চাইক’-পলিটিকেল নাটক ‘ৱহ কক্ষ’ অহা ৬ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হ’ব। আৰ্য প্ৰডাকচনছৰ বেনাৰত প্ৰযোজিত এই নাটকখনত ক্ষমতা, ভয় আৰু নীৰৱতাৰ আঁৰত লুকাই থকা বিভিন্ন দিশ উন্মোচনৰ চেষ্টা কৰা হৈছে।


এটা কোঠাৰ ভিতৰত সংঘটিত হোৱা কাহিনীটোক কেন্দ্ৰ কৰি আগবঢ়া নাটকখনত আছে তিনিটা কণ্ঠ। কোনো সহজ সিদ্ধান্ত বা উত্তৰ আগবঢ়োৱাৰ পৰিৱৰ্তে ‘ৱহ কক্ষ’ই দৰ্শকক ক্ষমতাৰ আঁৰত কি লুকাই আছে, ভয়েই মানুহৰ সিদ্ধান্তক কেনেদৰে প্ৰভাৱিত কৰে আৰু নীৰৱতা কেতিয়া এক ভাষাত পৰিণত হয়—সেই বিষয়ে ভাবিবলৈ বাধ্য কৰিব।


নাটকখনত গৌৰাংগ নাৰায়ণ দেৱ, আকাশ শইকীয়া আৰু বি. পালকীয়ে অভিনয় কৰিব। জ্ঞানদীপ ডেকাই সংগীত পৰিচালনা আৰু ডিম্পল এছ. কে.ই পোহৰ ব্যৱস্থাপনা কৰিছে। মঞ্চসজ্জাৰ দায়িত্বত আছে গৌৰাংগ নাৰায়ণ দেৱ আৰু আকাশ শইকীয়া।


প্ৰযোজনাটোৰ সৈতে প্ৰিয়ংশু মেধি, আৰবাব ওমৰ, ৰিদিপ আৰু মধুৰ্জ্য ফুকনো জড়িত হৈ আছে।


এটা সীমিত আৰু অন্তৰংগ মঞ্চ পৰিৱেশৰ মাজেৰে নিৰ্মিত এই নাটকখনে ক্ষমতা আৰু ইয়াৰ মানসিক প্ৰভাৱক এক ভিন্ন দৃষ্টিকোণেৰে উপস্থাপন কৰাৰ চেষ্টা কৰিছে। ‘ৱহ কক্ষ’ত ক্ষমতাৰ দৃশ্যমান ৰূপটোৰ লগতে তাৰ আঁৰত থকা ভয় আৰু নীৰৱতাকো অনুসন্ধান কৰা হৈছে।


নাটকখনৰ প্ৰথম মঞ্চায়ন ৬ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সন্ধিয়া ৬:৩০ বজাত গুৱাহাটীৰ ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস