spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকমহাবিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, পথ অৱৰোধ ছাত্ৰ-ছাত্ৰীৰ

মহাবিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, পথ অৱৰোধ ছাত্ৰ-ছাত্ৰীৰ

দুলীয়াজানঃ দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়লৈ অহা-যোৱা কৰা একমাত্ৰ পথটো মেৰামতিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখযোগ্য যে, দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখত পথটোৰ তলেদি অইল ইণ্ডিয়া লিমিটেডে তেল আৰু গেছ পৰিবাহী পাইপলাইন স্থাপন কৰিছিল। পকী পথটো ভাঙি অইল ইণ্ডিয়া লিমিটেডে পাইপলাইন স্থাপন কৰাৰ পাছতো আজি পৰ্যন্ত পথটো মেৰামতি কৰা নাই।

শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে মহাবিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে এইদৰে দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অতিশীঘ্ৰে উক্ত পথটো মেৰামতি নকৰিলে পৰৱৰ্তী সময়ত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular