--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সপ্তাহত এবাৰ বা দুবাৰ মুখৰ ছাল এক্সফ’লিয়েট অৰ্থাৎ স্ক্ৰাব কৰাটো প্ৰয়োজনীয়। ইয়াৰ ফলত মৃত ছালৰ কোষ আঁতৰ হয়, ছাল গভীৰভাৱে পৰিষ্কাৰ হয় আৰু মুখত প্ৰাকৃতিক উজ্জ্বলতা আহে।

ডিজিটেল ডেস্ক: সকলোৱে বিচাৰে যে তেওঁৰ ছালখন উজ্জ্বল হওক আৰু তেওঁক ধুনীয়া দেখা যাওক। কিন্তু ধূলি-মাটি, প্ৰদূষণ আৰু দৈনন্দিন ব্যস্ততাৰ প্ৰভাৱ প্ৰথমে মুখৰ ছালত দেখা যায়। ইয়াৰ ফলত মুখত মৃত ছালৰ কোষ জমা হ’বলৈ ধৰে, যাৰ বাবে মুখখন ম্লান আৰু নিৰ্জীৱ যেন লাগে।


এনে ক্ষেত্ৰত সপ্তাহত এবাৰ বা দুবাৰ মুখৰ ছাল এক্সফ’লিয়েট অৰ্থাৎ স্ক্ৰাব কৰাটো প্ৰয়োজনীয়। ইয়াৰ ফলত মৃত ছালৰ কোষ আঁতৰ হয়, ছাল গভীৰভাৱে পৰিষ্কাৰ হয় আৰু মুখত প্ৰাকৃতিক উজ্জ্বলতা আহে। বজাৰত বিভিন্ন ধৰণৰ ফেচ স্ক্ৰাব সহজেই পোৱা যায় যদিও ঘৰত পাকঘৰত থকা কেইটামান সামগ্ৰীৰ সহায়তো প্ৰাকৃতিক ফেচ স্ক্ৰাব তৈয়াৰ কৰিব পাৰি। এই স্ক্ৰাববোৰে ছালৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব পাৰে।


১) দৈ, হালধি আৰু বেচনৰ স্ক্ৰাব: তেলীয়া আৰু পিম্পল থকা ছালৰ বাবে দৈ, হালধি আৰু বেচনৰ স্ক্ৰাব উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ বাবে ১ চামুচ দৈ, ১ চামুচ বেচন আৰু ২ চামুচ হালধি মিলাই এটা পেষ্ট তৈয়াৰ কৰক। এই পেষ্টটো মুখত লাহে লাহে লগাই ৫-১০ মিনিটৰ পিছত ধুই পেলাওক। এই স্ক্ৰাবে পিম্পল কম কৰাত আৰু ছালৰ বিভিন্ন সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে।


২) কল, মৌ আৰু কফিৰে তৈয়াৰ কৰক ফেচ স্ক্ৰাব: যদি আপোনাৰ ছালখন শুকান আৰু নিৰ্জীৱ যেন লাগে, তেন্তে কল, মৌ আৰু কফিৰ স্ক্ৰাব এটা ভাল বিকল্প হ’ব পাৰে। ইয়াৰ বাবে ১টা পকা কল, ২ চামুচ কফি আৰু ১ চামুচ মৌ লওক। কলটো ভালদৰে পিটিকি লৈ তাত কফি আৰু মৌ মিহলাই ঘন পেষ্ট তৈয়াৰ কৰক। এতিয়া এই পেষ্টটো মুখত লাহে লাহে ২-৩ মিনিট মালিচ কৰক আৰু ১৫-২০ মিনিটৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই পেলাওক। ইয়াৰ ফলত ছালখন কোমল আৰু সতেজ অনুভৱ হ’ব পাৰে।


৩) অ’টছ আৰু দৈৰ ফেচ স্ক্ৰাব: যদি আপুনি পাতল আৰু কোমল স্ক্ৰাব বিচাৰে, তেন্তে অ’টছ আৰু দৈ ব্যৱহাৰ কৰিব পাৰে। ২ চামুচ অ’টছত ১ চামুচ দৈ মিহলাই পেষ্ট তৈয়াৰ কৰক। এই পেষ্টটো মুখত লাহে লাহে কেইমিনিটমান মালিচ কৰি তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক। এই স্ক্ৰাবে ছালখন হাইড্ৰেটেড ৰখাত আৰু মৃত ছালৰ কোষ আঁতৰ কৰাত সহায় কৰিব পাৰে।


স্ক্ৰাব কৰাৰ সময়ত এই কথাবোৰ মনত ৰাখিব


স্ক্ৰাব লগোৱাৰ আগতে মৃদু ফেচৱাশ্বেৰে মুখখন ভালদৰে পৰিষ্কাৰ কৰি লওক।

স্ক্ৰাব সদায় লাহে লাহে কৰক। বেছি জোৰেৰে ঘঁহিলে মুখত জ্বলা-পোৰা বা ৰঙা পৰা সমস্যা হ’ব পাৰে।

যিকোনো নতুন ঘৰুৱা উপায় ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট নিশ্চয়কৈ কৰক।

সপ্তাহত ১ৰ পৰা ২ বাৰ এক্সফ’লিয়েট কৰিলেই যথেষ্ট। প্ৰতিদিনে স্ক্ৰাব কৰাৰ পৰা বিৰত থাকক।

স্ক্ৰাব কৰাৰ পিছত ময়শ্চাৰাইজাৰ নিশ্চয়কৈ লগাওক, যাতে মুখৰ ছালৰ আৰ্দ্ৰতা বজাই থাকে।

মুখত অধিক পৰিমাণে ব্ৰণ, কটা-ছিঙা, ঘা বা জ্বলা-পোৰা থাকিলে স্ক্ৰাব নকৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ