--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশেষজ্ঞসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে অধিক শোৱাৰ সময়তকৈ গভীৰ টোপনিৰ গুৰুত্বহে অধিক। মানসিক চাপত থাকি বা পাতলীয়া টোপনিৰে ৯ ঘণ্টা শোৱাতকৈ গভীৰ নিদ্ৰাত ৬ ঘণ্টা শোৱাটো উত্তম।

ডিজিটেল ডেস্ক : ভাল টোপনিৰ সৈতে কেৱল ধন টকা-পইচাৰে সম্পৰ্ক নাই, ইয়াৰ সৈতে জীৱনশৈলীও জড়িত হৈ আছে। এই কথা জানিব পৰা গৈছে গ্ল'বেল শ্লিপ এটলাছৰ পৰা। ইয়াত সমগ্র বিশ্বৰ লোকসকলৰ টোপনিৰ পেটাৰ্ন তথা অভ্যাসৰ ব্যাপক ডাটাবেছ পোৱা যায় যি বিভিন্ন দেশৰ লোকসকলৰ শোৱাৰ সময়, টোপনিৰ মান আদি বিশ্লেষণ কৰা হয়। 


ইয়াৰ পৰা লাভ কৰা তথ্য মতে, দক্ষিণ আফ্ৰিকাৰ লোকসকলে বিশ্বৰ ভিতৰতে সর্বাধিক সময় শোৱে। দেশখনৰ লোকসকলে নিশা গড়ে ৯ ঘণ্টা ১৩ মিনিট শোৱে। ইয়াৰ পাছতে স্থান পাইছে উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী আৰু ডাঙৰ ডাঙৰ কাৰখানা থকা দেশ চীনে। চীনৰ লোকসকলে নিশা গড়ে ৯ ঘণ্টা ২ মিনিট শোৱে। 


তৃতীয় স্থানত থকা আমেৰিকাৰ লোকসকলে গড়ে ৮ ঘণ্টা ৫৯ মিনিট আৰু চতুর্থ স্থানত থকা এষ্টনিয়াৰ লোকসকলে শোৱে ৮ ঘণ্টা ৫০ মিনিট। এই তালিকাত পঞ্চম স্থানত আছে ভাৰত। ভাৰতীয় লোকসকলে প্রতি নিশা গড় হিচাপত ৮ ঘণ্টা ৪৮ মিনিট শোবে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতীয় লোকসকলে নিজকে সজীৱ কৰি ৰখাত আৰু স্বাস্থ্যক অগ্রাধিকাৰ দিয়ে। 


আনহাতে, দ্বিতীয় স্থানত থকা চীনৰ জনসাধাৰণে স্মার্ট ৱৰ্ক' আৰু গভীৰ টোপনিৰ গুৰুত্ব বুজি পোৱাটো প্রতীয়মান হয়। বিশ্বৰ ভিতৰত আটাইতকৈ কম শোৱে কুৱেইটৰ লোকসকলে। দেশখনৰ লোকসকলে প্রতিনিশা গড় হিচাপত শোৱে ৬ ঘণ্টা ১৫ মিনিট। জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশৰো একে অৱস্থা। এই দেশবোৰৰ লোকসকলে কামৰ বোজাত নিশা শোৱাৰ সময় হ্রাস কৰিবলৈ বাধ্য হৈছে। 


অৱশ্যে, বিশেষজ্ঞসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে অধিক শোৱাৰ সময়তকৈ গভীৰ টোপনিৰ গুৰুত্বহে অধিক। মানসিক চাপত থাকি বা পাতলীয়া টোপনিৰে ৯ ঘণ্টা শোৱাতকৈ গভীৰ নিদ্ৰাত ৬ ঘণ্টা শোৱাটো উত্তম। আন কথাত অস্থিৰভাৱে ৯ ঘণ্টা শুলে মানসিক আৰু শাৰীৰিকভাৱে যিমানখিনি সতেজ বোধ কৰা হয় ৬ ঘণ্টীয়া গভীৰ টোপনি তাতকৈ অধিক উপযোগী।

উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ