--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশেষজ্ঞসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে অধিক শোৱাৰ সময়তকৈ গভীৰ টোপনিৰ গুৰুত্বহে অধিক। মানসিক চাপত থাকি বা পাতলীয়া টোপনিৰে ৯ ঘণ্টা শোৱাতকৈ গভীৰ নিদ্ৰাত ৬ ঘণ্টা শোৱাটো উত্তম।

ডিজিটেল ডেস্ক : ভাল টোপনিৰ সৈতে কেৱল ধন টকা-পইচাৰে সম্পৰ্ক নাই, ইয়াৰ সৈতে জীৱনশৈলীও জড়িত হৈ আছে। এই কথা জানিব পৰা গৈছে গ্ল'বেল শ্লিপ এটলাছৰ পৰা। ইয়াত সমগ্র বিশ্বৰ লোকসকলৰ টোপনিৰ পেটাৰ্ন তথা অভ্যাসৰ ব্যাপক ডাটাবেছ পোৱা যায় যি বিভিন্ন দেশৰ লোকসকলৰ শোৱাৰ সময়, টোপনিৰ মান আদি বিশ্লেষণ কৰা হয়। 


ইয়াৰ পৰা লাভ কৰা তথ্য মতে, দক্ষিণ আফ্ৰিকাৰ লোকসকলে বিশ্বৰ ভিতৰতে সর্বাধিক সময় শোৱে। দেশখনৰ লোকসকলে নিশা গড়ে ৯ ঘণ্টা ১৩ মিনিট শোৱে। ইয়াৰ পাছতে স্থান পাইছে উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী আৰু ডাঙৰ ডাঙৰ কাৰখানা থকা দেশ চীনে। চীনৰ লোকসকলে নিশা গড়ে ৯ ঘণ্টা ২ মিনিট শোৱে। 


তৃতীয় স্থানত থকা আমেৰিকাৰ লোকসকলে গড়ে ৮ ঘণ্টা ৫৯ মিনিট আৰু চতুর্থ স্থানত থকা এষ্টনিয়াৰ লোকসকলে শোৱে ৮ ঘণ্টা ৫০ মিনিট। এই তালিকাত পঞ্চম স্থানত আছে ভাৰত। ভাৰতীয় লোকসকলে প্রতি নিশা গড় হিচাপত ৮ ঘণ্টা ৪৮ মিনিট শোবে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতীয় লোকসকলে নিজকে সজীৱ কৰি ৰখাত আৰু স্বাস্থ্যক অগ্রাধিকাৰ দিয়ে। 


আনহাতে, দ্বিতীয় স্থানত থকা চীনৰ জনসাধাৰণে স্মার্ট ৱৰ্ক' আৰু গভীৰ টোপনিৰ গুৰুত্ব বুজি পোৱাটো প্রতীয়মান হয়। বিশ্বৰ ভিতৰত আটাইতকৈ কম শোৱে কুৱেইটৰ লোকসকলে। দেশখনৰ লোকসকলে প্রতিনিশা গড় হিচাপত শোৱে ৬ ঘণ্টা ১৫ মিনিট। জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশৰো একে অৱস্থা। এই দেশবোৰৰ লোকসকলে কামৰ বোজাত নিশা শোৱাৰ সময় হ্রাস কৰিবলৈ বাধ্য হৈছে। 


অৱশ্যে, বিশেষজ্ঞসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে অধিক শোৱাৰ সময়তকৈ গভীৰ টোপনিৰ গুৰুত্বহে অধিক। মানসিক চাপত থাকি বা পাতলীয়া টোপনিৰে ৯ ঘণ্টা শোৱাতকৈ গভীৰ নিদ্ৰাত ৬ ঘণ্টা শোৱাটো উত্তম। আন কথাত অস্থিৰভাৱে ৯ ঘণ্টা শুলে মানসিক আৰু শাৰীৰিকভাৱে যিমানখিনি সতেজ বোধ কৰা হয় ৬ ঘণ্টীয়া গভীৰ টোপনি তাতকৈ অধিক উপযোগী।

উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত