২৩ এপ্ৰিল, শনিবাৰ
মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো জটিল হ’ব পাৰে। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। খং পৰিহাৰ কৰক। ভ্ৰমণৰ সুযোগ লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।
বৃষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো বাবে শুভ। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা কামটো আজি সম্পূৰ্ণ হ’ব। ব্যৱসায়ীৰ বাবে লাভজনক হ’ব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱন সুখৰ হ’ব।
মিথুন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো শুভ। ব্যৱসায়ত পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন৷
কৰ্কট ৰাশি- এই ৰাশিৰ জাতক-জাতিকাই আজি ব্যৱসায়ত লোকচানৰ সন্মুখীন হব পাৰে। গৰ্ভৱতী মহিলাসকলে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। অত্যাধিক খৰচে আজি আপোনাক সমস্যাত পেলাব পাৰে। ঘৰুৱা সমস্যাই চিন্তিত কৰিব পাৰে।
সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো সুখেৰে ভৰি থাকিব। দীৰ্ঘদিন ধৰি পাৱলগীয়া ধন ঘূৰাই পাব পাৰে। অৰ্থনৈতিক দিশটো শক্তিশালী হ’ব। পৰিয়ালৰ সদস্যসকলৰ মাজত বিভেদ হ’ব পাৰে। শিক্ষাৰ্থীসকলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ'ব।
কন্যা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো মধ্যমীয়া৷ শিক্ষার্থীসকলৰ বাবে দিনটো পৰিশ্ৰমেৰে ভৰা হ’ব। উপাৰ্জন বৃদ্ধি কৰা আৰু ব্যয় হ্ৰাস কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।
তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত অত্যাধিক খং পৰিহাৰ কৰি চলক। ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ আপোনাৰ ঘৰৰ সৈতে সম্পৰ্কিত বিনিয়োগ লাভজনক হ’ব। ঘৰ মেৰামতিৰ কাম বা সামাজিক সমাৱেশে আপোনাক ব্যস্ত ৰাখিব। পৰিয়ালৰ এটা ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটোত পৰিয়ালৰ সদস্যসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। আজি আপুনি বন্ধু আৰু আত্মীয়সকলৰ সৈতে সময় কটোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱন সুখৰ হ’ব।
ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো কৰ্মৰত লোকৰ কামত বাধা হ’ব পাৰে। ব্যৱসায়ীসকল সাৱধান হ’ব। দীৰ্ঘদিন ধৰি চলি থকা আইনী কামৰ আজি সমাধান হ’ব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।
মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটোত অৰ্থনৈতিক অনিশ্চয়তাই আপোনাক মানসিক চাপ দিব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা আঁতৰি থকাটো বহুত কঠিন হ’ব।
কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো সৃষ্টিশীল কামত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সচেতন হওক। আপুনি অৰ্থনৈতিক বিষয়ত সাৱধান হ’ব লাগিব। খং পৰিহাৰ কৰক। বন্ধুৰ দ্বাৰা ব্যৱসায় বৃদ্ধিৰ সুযোগ আহিব পাৰে।
মীন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটোত হঠাতে ক’ৰবাত ধন লাভ কৰাৰ সম্ভাৱনা আছে। পৈতৃক সম্পত্তিৰ পৰা উপাৰ্জনৰ নতুন বাট মুকলি হ’ব পাৰে। পুৰণি ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব। অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰক। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ।
Leave A Comment