Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মই- হাগ্ৰামা মহিলাৰী

ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মই- হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ : ‘ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মইহে ৷ হিমন্ত মোৰ পৰা হে দীক্ষা লৈছে ৷ মোৰ অবিহনে হিমন্ত আজি এই পজিচনত নাহিলেহেতেন’- নিৰ্বাচনী প্ৰচাৰ সভাত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰৰ সমীপৱৰ্তী বালাজান তিনিআলিৰ ভূটীয়াপাৰা গাঁৱত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ চলোৱা প্ৰচাৰ সভাত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে হাগ্ৰামাই৷

আৰু পঢ়িব পাৰিব : ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

লগতে তেওঁ কয় যে,  হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ বহুত আগ্ৰহ থাকিলেও যোগ্যতা আৰু ভাগ্যই নাই৷ ‘হিমন্ত মুখ্যমন্ত্ৰী হয় তেন্তে মই হে আগত মুখ্যমন্ত্ৰী হ’ম ৷ কাৰণ মই হে ছিনিয়ৰ’ বুলিও কটাক্ষ কৰে হাগ্ৰামাই৷ আন পিনে প্ৰচাৰ সভাত মহিলাৰীয়ে ৰাইজক উদ্দেশ্যি কয় যে, এইবাৰ মহাজোঁটৰ বন্ধনে চৰকাৰ চলাব ৷

আৰু পঢ়িব পাৰিব : উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে খুউব বেছি পাছখন বা ছয়খন আসনহে পাব ৷ মহাজোটবন্ধন, এজেপি,ৰাইজৰ দলে ২০ খন আসন পাব ৷ আনহাতে ইউপিপিএল দলক কটাক্ষ কৰি তেওঁ কয় যে, ‘এতিয়া ইমানেই পেট্ৰল ডিজেলৰ দাম বঢ়াইছে যে ট্ৰেক্টৰ দি আৰু কোনেও হাল নামাৰে ৷ গতিকে নাঙলৰ মুঠিত আমি ধৰিয়েই আগুৱাই যাব লাগিব৷’

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular