spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়াৰোহিত শৰ্মাৰ মন মৰা, আফগানিস্তানক হৰুৱাই আক্ষেপ হিটমেনৰ…

ৰোহিত শৰ্মাৰ মন মৰা, আফগানিস্তানক হৰুৱাই আক্ষেপ হিটমেনৰ…

নতুন দিল্লীঃ আফগানিস্তানৰ বিৰুদ্ধে বৃহত্‍ ব্যৱধানত জয়লাভ কৰা সত্ত্বেও মন মৰা ৰোহিত শৰ্মাৰ। পূৰ্বৰ দুখন মেচত পৰাজিত হোৱাৰ হতাশাই বেৰি ধৰিছে ৰোহিত শৰ্মাক। খেলৰ শেষত, অনুশোচনা ৰোহিত শৰ্মাৰ। ভাৰতীয় অলৰাউণ্ডাৰ ৰোহিত শৰ্মাই কয়, ‘ আমি বিশ্বকাপৰ আৰম্ভণি ভালদৰে কৰিব বিচাৰিছিলো। কিন্তু আগৰ দুখন খেলত ভবামতে হোৱা নাছিল সকলো। আফগানিস্তানৰে খেলখনত আমি মিডিল অৰ্ডাৰৰ বাবে এটা ভাল ভেটি গঢ়িবলৈ চেষ্টা কৰিছিলো। ৰাহুলেও সুন্দৰ বেটিং কৰিছে।’


খেলখনত প্ৰথমে বল কৰিব বিচাৰিছিল বুলিও ৰোহিত শৰ্মাই সদৰী কৰে। তেওঁ কয়, ‘আমি আগৰ দুখন খেলত প্ৰথমে বেটিং কৰিছিলো। গতিকে আমি এই খেলখনত বলিং কৰিব বিচাৰিছিলো। কিন্তু এইখন পিটছ বেটিংৰ বাবে ভাল। আমি সেইমতে আগবাঢ়িছিলো আৰু কোনো অসুবিধা হোৱা নাছিল।’ উল্লেখ্য যে, প্ৰথম দুখন মেচত পৰাজিত হোৱাৰ পাছতো ভাৰতে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ আছে। কিন্তু তাৰ বাবে বাকী দুখন খেলত দলটোৱে বৃহত্‍ ৰানৰ ব্যৱধানত জয়ী হ’ব লাগিব। হিটমেনে লগতে কয়, ‘জয়লাভৰ কথাটো প্ৰথমৰ পৰাই আমাৰ মনত আছিল। আমি জানিছিলো ৰানৰেটৰ গুৰুত্ব কিমান। মই তাকে মনত ৰাখি খেলিছিলো। দলটোৱে বিচৰা ধৰণে খেলিবলৈ সাজু হৈছিলো ৰাহুল আৰু মই। আমি শেষত জিকিলো।’ উল্লেখ্য যে, শুকুৰবাৰে ভাৰতে স্কটলেণ্ডৰে মুখামুখী হ’ব। এই খেলখনেও যথেষ্ট তাত্‍পৰ্য বহন কৰা পৰিলক্ষিত হৈছে। উন্নত ৰানৰেটেহে ছেমিফাইনেললৈ পথ প্ৰশস্ত কৰিব পাৰে ভাৰতৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular