spot_img
26 C
Guwahati
Tuesday, September 28, 2021
Homeআঞ্চলিকমাজুলীৰ ট্ৰেজেডী! ক’ত কেনেকৈ উদ্ধাৰ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ?

মাজুলীৰ ট্ৰেজেডী! ক’ত কেনেকৈ উদ্ধাৰ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ?

যোৰহাটঃ অৱশেষত উদ্ধাৰ হ’ল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে বৰাৰ মৃতদেহ। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাছা তাপুত আজি পুৱা বন বিভাগৰ দলে উদ্ধাৰ কৰে মৃতদেহটি। প্ৰশাসনৰ সহযোগত পৰিয়ালৰ লোকে চিনাক্ত কৰিলে তেওঁক। নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোক দুজনৰ ভিতৰত অন্যতম আছিল নাওবৈচাৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ শিক্ষকগৰাকী।

বৰাৰ সৈতে নাৱত যাত্ৰা কৰিছিল ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰাই। কালি উদ্ধাৰ হৈছিল বৰাৰ সৈতে থকা বেগটো। ‘ঢেকীয়াখোৱা নামঘৰ’ত আশিস গ্ৰহণ কৰি পত্নীৰ সৈতে মাজুলী হৈ ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো।

নামঘৰলৈ যোৱা আলোকচিত্ৰৰ পোছাকৰ সৈতে মৃতদেহৰ পোছাকৰ মিল থকাৰ বাবেই উদ্ধাৰ হোৱা ব্যক্তজন ইন্দ্ৰেশ্বৰ বৰা বুলি প্ৰথমে পৰিয়ালৰ সদস্যই সন্দেহ প্ৰকাশ কৰিছিল। সন্দেহৰ ভিত্তিতে আৰক্ষীৰ অনুসন্ধানত চিনাক্ত হৈছে মৃতদেহটো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
26 ° C
26 °
26 °
83 %
0kmh
75 %
Tue
26 °
Wed
31 °
Thu
29 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular