--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • বিমান সংস্থা ইণ্ডিগ'ৰ ৱেবছাইট আৰু মোবাইল এপ্লিকেচনত শুক্ৰবাৰে গুৰুতৰ কাৰিকৰী বিজুতিয়ে দেখা দিয়াত যাত্ৰীসকলে বিমান বুকিং আৰু অন্যান্য অনলাইন সেৱা লাভ কৰাত অসুবিধাৰ সন্মুখীন হয়।

নতুন দিল্লী: দেশৰ আগশাৰীৰ কম খৰচী বিমান সংস্থা ইণ্ডিগ'ৰ অনলাইন সেৱাত শুক্ৰবাৰে এক গুৰুতৰ কাৰিকৰী বিজুতিয়ে দেখা দিয়ে। ইয়াৰ ফলত বহু যাত্ৰীয়ে বিমান টিকট বুকিং কৰা, ৱেব চেক-ইন কৰা বা আন আন অনলাইন সেৱাসমূহ লাভ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

বাতৰি অনুসৰি, যাত্ৰীসকলে ইণ্ডিগ'ৰ মোবাইল এপ্লিকেচনত লগইন কৰাতো অসুবিধাৰ সন্মুখীন হয়। আনহাতে, বিমান বুকিং কৰিবলৈ চেষ্টা কৰোঁতে ৱেবছাইটত 'কোনো তথ্য উপলব্ধ নহয়' ('no data available') বুলি বাৰ্তা প্ৰদৰ্শিত হৈছিল। বহু যাত্ৰীয়ে তেওঁলোকৰ বুকিং বিফল হোৱা, ৱেব চেক-ইন কৰিব নোৱাৰা আৰু ধন পৰিশোধৰ পিছতো নিশ্চিতি বাৰ্তা লাভ নকৰাৰ বিষয়ে এক্স (পূৰ্বে টুইটাৰ) যোগে অভিযোগ দাখিল কৰে।

এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ইণ্ডিগ' কৰ্তৃপক্ষই এক সেৱা পৰামৰ্শ জাৰি কৰে। বিমান সংস্থাটোৱে কয় যে তেওঁলোকৰ মূল সংৰক্ষণ প্লেটফৰ্মত ('core reservation platform') সঘনাই সমস্যাৰ সৃষ্টি হৈছে, যাৰ ফলত কিছুমান গ্ৰাহকে অনলাইন সেৱা লাভ কৰাত অসুবিধা হৈছে। তেওঁলোকে লগতে জনায় যে তেওঁলোকৰ দলসমূহে অংশীদাৰৰ সৈতে এই সমস্যাটো সোনকালে সমাধান কৰিবলৈ অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আছে।

অৱশ্যে, বিমান সংস্থাটোৱে এই কাৰিকৰী বিজুতিৰ সঠিক কাৰণ বা ইয়াৰ ফলত কিমান সংখ্যক যাত্ৰী প্ৰভাৱিত হৈছে সেই বিষয়ে বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। এই ঘটনাই ইণ্ডিগ'ৰ অনলাইন সেৱাৰ ওপৰত নিৰ্ভৰশীল যাত্ৰীসকলৰ মাজত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী