spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়অচেতন লোকক কান্ধত তুলি হাস্পতাললৈ নিলে ইন্সপেক্টৰ ৰাজেশ্বৰীয়ে, দেখি সকলোৱে দিছে বাহ...

অচেতন লোকক কান্ধত তুলি হাস্পতাললৈ নিলে ইন্সপেক্টৰ ৰাজেশ্বৰীয়ে, দেখি সকলোৱে দিছে বাহ বাহ…

ডিজিটেল ডেস্ক : তামিলনাডুত প্ৰলয়ংকৰী বৰ্ষাসৃষ্ট প্ৰলয়ে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা দুৰ্যোগে বিপন্ন কৰি পেলাইছে সৰ্বসাধাৰণ জীৱন। ৰাজ্যখনৰ ৰাজধানী চেন্নাইতে বিগত কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰ্ষাকালটোত চেন্নাইত ৪৬শতাংশ অধিক বৰষুণ হৈছে আৰু ই প্ৰলয়ৰ কাৰণ হৈ পৰিছে। ৰাজ্যখনৰ বান কৱলিত অঞ্চলবোৰত এতিয়া নেৰানেপেৰা গতিত চলিছে উদ্ধাৰ অভিযান। তাৰ মাজতে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সাহসী আৰু গভীৰ দায়িত্ববোধৰ নিদৰ্শনে ব্যাপক চৰ্চা লাভ কৰিছে। এটা ভিডিঅ’ত উদ্ধাৰকাৰ্যত নিয়োজিত আৰক্ষী বিষয়াগৰাকীক দেখা গৈছে এজন লোকক কান্ধত তুলি লৈ যোৱা।


বানসৃষ্ট কোনো দুৰ্যোগৰ সন্মুখীন হৈ অচেতন হৈ পৰিছিল লোকজন। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী পৰিদৰ্শক ৰাজেশ্বৰীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু অচেতন লোকজনক নিজৰ কান্ধত উঠাই লৈ উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। চেন্নাইৰ টি পি চটৰাম এলেকাৰ এই ঘটনাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে কিদৰে এটা নলাৰ ওপৰত অচেতন হৈ পৰি থকা লোকজনক ইনছপেক্টৰ ৰাজেশ্বৰীয়ে কান্ধত তুলি লৈছে আৰু তাৰপাছত অটোত উঠাই হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিছে। ৰাজেশ্বৰীৰ এই কাৰ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। উল্লেখ্য যে, এতিয়ালৈ বৰ্ষাসৃষ্ট প্ৰলয়ত ৰাজ্যখনত ১২জনকৈ লোকৰ প্ৰাণ হানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular