spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeক্ৰীড়াহতভাগা দিল্লী! ৰাহুলৰ অ’ভাৰ বাউণ্ডেৰীৰে ফাইনেলত কলকাতা

হতভাগা দিল্লী! ৰাহুলৰ অ’ভাৰ বাউণ্ডেৰীৰে ফাইনেলত কলকাতা

নতুন দিল্লীঃ সামৰণিৰ দিশে আইপিএল ২০২১। বুধবাৰে শ্বাৰজাহত অনুষ্ঠিত খেলখনত কলকাতাই দিল্লী কেপিটেলছক ৩ উইকেটত পৰাস্ত কৰি আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ডুবাইত ফাইনেল খেলিব কলকাতাই। ২০১৪ চনৰ পাছত কলকাতাই পুনৰবাৰ ফাইনেলত উপনীত হৈছে। ২০১২ চনত প্ৰথমবাৰৰ বাবে আইপিএলত জয়লাভ কৰাৰ সময়ত চেন্নাই ছুপাৰ কিংছে আছিল কলকাতাৰ প্ৰতিদ্বন্দী। হাইভল্টেজ খেলখনক লৈ উত্‍কন্ঠা বৃদ্ধি পাইছে ক্ৰীড়ানুৰাগীৰ মাজত।

উল্লেখ্য যে, প্ৰথমে বেট কৰি দিল্লী কেপিটেলছে ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত অ’ভাৰত ১৩৫ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ শিখৰ ধাবানে সৰ্বাধিক ৩৬ ৰান কৰে। পূৰ্বৰ পৰাই সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা দিল্লী কেপিটেলছ ম্লান পৰি ৰ’ল গুৰুত্বপূৰ্ণ খেলত। অপেনাৰদ্বয়ৰ লগতে মিডিল অৰ্ডাৰ বেটছমেনৰো বেট নচলিল কোৱালিফায়াৰত। বিপৰীতে সহজ লক্ষ্য অতিক্ৰম কৰিবলৈ খেলপথাৰত নামে কলকাতা। প্ৰথমাৰ্দ্ধৰ পৰাই কলকাতাই সংগ্ৰাম কৰিবলগীয়া হৈছিল। কলকাতাৰ হৈ অপেনাৰদ্বয়ে দলটোক অগ্ৰগতি দিলেও ৰান সংগ্ৰহত ব্যৰ্থ হয় মিডিল অৰ্ডাৰ বেটছমেন। অন্তিম মুহূৰ্তত কলকাতাৰ হৈ ৰাহুল ত্ৰিপাঠীয়ে নিৰ্ণায়ক অ’ভাৰ বাউণ্ডেৰীৰে কলকাতাৰ জয়ৰ পথ প্ৰশস্ত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular