spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিক'মোৰ লাইফটো শেষ কৰি দিলা’- কিয় বিদ্যুতে বাছি ল’লে এই চৰম পন্থা?

‘মোৰ লাইফটো শেষ কৰি দিলা’- কিয় বিদ্যুতে বাছি ল’লে এই চৰম পন্থা?

গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে এক কৰুণ ঘটনাৰ৷ উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে এজন কৰ্মচাৰীয়ে৷ নিজ প্ৰতিষ্ঠানতেই চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় কৰ্মচাৰীগৰাকীৰ মৃতদেহ৷ গুৱাহাটীৰ ‘পল্লৱী মটৰ্ছ’ত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা৷ চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় কৰ্মচাৰীৰ মৃতদেহ৷ ছুইচাইট নোটত উল্লেখ কৰে এমভিআই প্ৰাৰ্থন বৰাৰ নাম৷

উল্লেখ্য যে, পল্লৱী মটৰ্ছৰ চেলছ বিভাগৰ টিম লিডাৰ আছিল বিদ্যুৎ বিকাশ বৰা৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰে বাথৰূমত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় বিদ্যুতৰ৷ লগে লগে হুৱা-দুৱা লাগে ব্যৱসায়ীক প্ৰতিষ্ঠানখনত৷ প্ৰতিষ্ঠানখনৰে এজন কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে বিদ্যুতৰ মৃতদেহ৷ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ভঙাগড় আৰক্ষীৰ এটা দল৷ প্ৰায় দুবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বিদ্যুতৰ পত্নীয়েও বুজি নাপালে কিয় বিদ্যুতে বাছি ল’লে এই পন্থা?

ইপিনে বিদ্যুতৰ পকেটত উদ্ধাৰ হয় ছুইচাইট নোট৷ ছুইচাইট নোটতত এমভিআই প্ৰাৰ্থন বৰাৰ নাম উল্লেখ আছে৷ নোটখনত লিখা আছিল, ‘প্ৰাৰ্থন বৰা দা, মোৰ লাইফটো শেষ কৰি দিলা৷ মই টাইমত ২২ লাখ টকা আপোনাক ৰিটাৰ্ন কৰি দিছিলো৷ আধা কেছ আৰু আধা চেকত৷ ২ মাহৰ ইন্টাৰেষ্ট দিব নোৱাৰা বাবে কিয় এনেকুৱা কৰিলা? মা, দেউতা ছোৱালী, পপী, নিলা বা, জমুনা বা I’m Sorry ৷’ দুমাহৰ সূত নিদিয়া বাবে কি কৰিছিল এমভিআই প্ৰাৰ্থন বৰাই? ছুচাইট নোটত কি ক’ব বিছাৰিছিল বিদ্যুতে? হয়তো প্ৰাৰ্থন বৰাক আৰক্ষীয়ে জেৰা কৰিলেই পোহৰলৈ আহিব বিদ্যুতৰ আত্মহত্যাৰ আঁৰৰ ৰহস্য৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular