spot_img
35 C
Guwahati
Monday, September 27, 2021
Homeআঞ্চলিকপঁচাৰ গুণ্ডাৰাজ! কি কি গোচৰ ৰুজু হৈ আছে অভিযুক্তৰ বিৰুদ্ধে?

পঁচাৰ গুণ্ডাৰাজ! কি কি গোচৰ ৰুজু হৈ আছে অভিযুক্তৰ বিৰুদ্ধে?

যোৰহাটঃ ৰাজ্যজুৰি অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে যোৰহাটৰ হৰিজন ক’লনীত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। পঁচা নামৰ এজন ব্যক্তিৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হৈছে ১০ জনতকৈয়ো অধিক লোক। উক্ত ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, গণেশ পূজাৰ প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ। আৰু এই কাজিয়াই পাছত ৰূপ লয় প্ৰচণ্ড মাৰপিটৰ।

পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিৱেশ। এসময়ত পঁচা নামৰ ব্যক্তিজন আছিল যোৰহাট আৰক্ষীৰ ম’ষ্ট ওৱাণ্টড লিষ্টৰ অপৰাধী। পঁচাৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ। জুৱাৰ আড্ডা, ড্ৰাগছ আদিৰ সৈতে পঁচা জড়িত হৈ থকাৰ অভিযোগ বহুদিনৰে পৰা উত্থাপন হৈ আহিছিল। বিগত কেইবছৰ মানৰ আগতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল পঁচাক।

তাৰ পাছতো কিন্তু পঁচাই জুৱাৰ আড্ডা, ড্ৰাগছৰ ব্যৱসায় চলায় অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। ইতিমধ্যে অঞ্চলবাসীয়ে যোৰহাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ বাবে অৰ্ধ-সামৰিক বাহিনী নিয়োগ কৰা হৈছে অঞ্চলটোত। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে পঁচা নামৰ দুৰ্ধৰ্ষ অপৰাধীজনক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
2.1kmh
40 %
Mon
35 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular