spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকঅচিন মহানগৰত কি কৰিছে, কেনে আছে যোছেফ মাৰাকৰ নাবালক দুই পুত্ৰ?

অচিন মহানগৰত কি কৰিছে, কেনে আছে যোছেফ মাৰাকৰ নাবালক দুই পুত্ৰ?

ডিজিটেল ডেস্ক : জিএমচিএইচৰ আইচিইউৰ বিছনাত পৰি ৰৈছে পিতৃ। এগৰাকী উদ্ধত, মাতাল যুৱতী ৰাজকন্যা বৰুৱাৰ দুষ্কৰ্মৰ ফল ভুগি যোছেফ মাৰাক নামৰ নিৰীহ শ্ৰমিকজনে ছটফটাই আছে হাস্পতালৰ বিছনাত। সহায় সাৰথি বুলিবলৈ তেওঁৰ কাষত এতিয়া দুই নাবালক পুত্ৰ। একাংশ সহৃদয় লোকে কৰিছে যৎপৰোনাস্তি সহযোগ। হাস্পতালৰ বিছনাত যোছেফ মাৰাকে যিখন যুঁজ যুঁজি আছে সেই যুঁজখন অতি নিষ্ঠুৰ আৰু দয়াহীন যুঁজ। যোছেফ মাৰাকৰ সাৰথি হ’বলৈ অহা দুই নাবালক পুত্ৰ ৰাফেল আৰু ছানডে বাৰ্থৰ বাবেও সময় এতিয়া অতি প্ৰতিকূল।


পিতৃৰ জীৱনলৈ অহা অবাঞ্চিত আকস্মিক দুৰ্যোগে দুয়োকে দক্ষিণ গাৰো পাহাৰ জিলাৰ নংগালবিব্ৰা গাঁৱৰপৰা দুয়োকে টানি লৈ আহিছিল মহানগৰীলৈ। কোনোদিনে ভৰি দি নোপোৱা গুৱাহাটীত আহি দুয়ো ঠিয় দিছিল শয্যাশায়ী পিতৃৰ কাষত। প্ৰথমে একো আওভাও নপোৱা ৰাফেল চাংমাৰ বাবে এতিয়া বহু কথাই সহজ হৈছে। হাস্পতালৰ ক’ৰিড’ৰবোৰেৰে তেওঁৰ আহ-যাহ সহজ হৈ উঠিবলৈ আৰম্ভ কৰিছে। পিতৃৰ মুখত খাদ্য গুঁজি দি, তেওঁৰ সকলো পৰিচৰ্যা কৰি এইবাৰ ৰাফেলে আনক সহায় কৰিবলৈ আগবাঢ়ি যাব জনা হৈছে। ৰাফেল-ছানডেবাৰ্নৰ বাবে গুৱাহাটী হৈ উঠিছে এতিয়া নতুন আশা আৰু নতুন জীৱনৰ সম্ভাৱনা বহনকাৰী এখন ঠাই। হাস্পতালৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি গুৱাহাটী ঘূৰিছে ৰাফেল-ছানডে বাৰ্থে। তেওঁলোকৰ পথ প্ৰদৰ্শক বা গাইড হ’বলৈ আগবাঢ়ি আহিছে ‘ৰেইনড্ৰপছ ইনিচিয়েটিভ’ৰ আবিদ আজাদ।


এটা মাত্ৰ বিৱৰ্ণ চোলা গাত মেৰিয়াই গুৱাহাটীত ভৰি থোৱা ৰাফেল চাংমা আৰু ছানডে বাৰ্থৰ মনৰ পৰা শংকা, সংশয়, উদ্বিগ্নতা দূৰ কৰাবলৈ তেওঁলোকক গুৱাহাটীৰ ভালেমান ঠাই দেখুওৱাৰ ব্যৱস্থা কৰিলে আবিদ আজাদে। হাস্পতালৰ পৰা উলিয়াই লৈ আহি তেওঁলোকক দেখুওৱা হ’ল গুৱাহাটী ক্লাবৰ বেজবৰুৱা চ’ক, কটন কলেজ, দীঘলীপুখুৰী, ৰিজাৰ্ভ বেংক। দেখুওৱা হ’ল ৰে’ল ষ্টেচন। কিদৰে ৰে’লত উঠি দূৰ দূৰণিলৈ মানুহ অহা-যোৱা কৰে তাৰো আভাস দিয়া হ’ল দুয়োকে। পাণবজাৰৰ গীৰ্জাঘৰৰ পৰা মছজিদ, গুৰুদ্বাৰলৈকে সকলোৰে সৈতে পৰিচয় কৰাই দিয়া হ’ল ৰাফেল-ছানডে বাৰ্থক। তাৰ পাছতে তেওঁলোক গ’ল ফাঁচী বজাৰলৈ। নিজৰ পচন্দমতে তেওঁলোকক টি শ্বাৰ্ট কিনিবলৈ দিলে আজাদে। পথৰ কাষত ৰৈ আটায়ে ফুচকা খালে, চাওমিন খালে।

তাৰ পাছত ব্ৰহ্মপুত্ৰ শোভা চাবলৈ গৈ উজান বজাৰলৈ। এই অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি আবিদ আজাদে কয়, ‘ৰাফেল আৰু ছানডে বাৰ্থৰ সৈতে দেওবাৰে আবেলি গুৱাহাটীৰ পাণবজাৰ, ফাঁচী বজাৰ, উজানবজাৰ ঠিকছে ঘূৰিলোঁ, ফুৰিলোঁ। কাপোৰ কিনিলোঁ। ফুচকা খালোঁ, চাও চাও খালোঁ। ছানছেটৰ পাছত Bellevue ত গৈ বহিলোঁ। এপাক ‘টী-ষ্ট’ৰী’লৈ গৈ চাহো খালোঁ। চাহ খুৱালে মৃগাংক মধুকল্য দাদাই…’ সন্ধিয়ালৈ গুৱাহাটীৰ ডন বস্কোৰ শিক্ষয়িত্ৰী মিৰ শ্বেহনাজৰ জন্মদিনৰ কাৰ্যসূচীতো ভাগ ল’লে দুয়ো। তাৰ পাছত ৰাফেলে জিএমচিএইচৰ ৰোগীৰ আত্মীয়ৰ মাজত খাদ্য বিতৰণ কৰাতো হাত উজান দিলে। লাহে লাহে যেন তেওঁলোকৰ মনৰ দুৱাৰখন খোল খাবলৈ আৰম্ভ কৰিলে। এই অচিন, আচহুৱা গুৱাহাটীখনেই তেওঁলোকৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ যেন সক্ষম হ’ল।

এবছৰ আগেয়ে মাতৃৰ বিয়োগ আৰু এতিয়া পিতৃৰ এই অবাঞ্চিত পৰিণতিয়ে অন্ধকাৰ কৰি তুলিব খোজা তেওঁলোকৰ জীৱনটোলৈ যেন এতিয়া অলপ হ’লেও আশাৰ কিৰণ কঢ়িয়াই আনিছে একাংশ সহৃদয় লোকে। সেইবাবেই হয়তো প্ৰৱহমান লুইতৰ তৰংগবোৰে তেওঁলোকৰ মুখত আলোৰ আভা সিচি দিছে। ডাঙৰ-দীঘল দলংখন চোৱাৰ হাবিয়াসে তেওঁলোকক আকৌ এবাৰ চঞ্চল কৰি তুলিছে। জীৱনৰ অন্ধকাৰৰ মাজৰ পৰা আলোকিত ভৱিষ্যতলৈ যোৱাৰ বাটত যোছেফ মাৰাকৰ দুই পুত্ৰ ৰাফেল আৰু ছানডে বাৰ্থৰ এই অভিজ্ঞতাবোৰ হৈ উঠক চালিকা শক্তিস্বৰূপ। এতিয়া সময় হ’লে দুয়োকে আকৌ চিৰিয়াখানা দেখুৱাবলৈ নিব আবিদ আজাদে। লাহে লাহে হাস্পতালৰ বিছনাত গা টঙাই উঠিব তেওঁলোকৰ পিতৃয়ে। নতুন এখন সংগ্ৰাম আৰম্ভ হ’ব তেওঁলোকৰ। জীৱন আৰু জীৱিকাৰ সংগ্ৰাম। কিন্তু ৰাজকন্যা বৰুৱাৰ অবিবেচক কোনো লোকৰ ভুলৰ বাবেই এনেদৰে এটা পৰিয়াল যাতে নিঃশেষ হৈ যাব নোৱাৰে, যোছেফ মাৰাকৰ তিনি নাবালক সন্তান অন্ধকাৰত যাতে হেৰাই যাব নোৱাৰে সেই দায়িত্বও গ্ৰহণ কৰিব লাগিব আবিদ আজাদৰ দৰে দায়িত্বশীল নাগৰিকেই। আপুনিও সেই যাত্ৰাৰ সহযোগী হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular