spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিক‘পদ্মশ্ৰী’ সন্মান লাভ কৰি বৰঝাৰ বিমান বন্দৰত উপস্থিত লখিমী বৰুৱা, উষ্ম আদৰণি...

‘পদ্মশ্ৰী’ সন্মান লাভ কৰি বৰঝাৰ বিমান বন্দৰত উপস্থিত লখিমী বৰুৱা, উষ্ম আদৰণি…

ডিজিটেল ডেস্কঃ ‘পদ্মশ্ৰী’ সন্মান লাভ কৰি বৰঝাৰ বিমান বন্দৰত উপস্থিত যোৰহাটৰ মহিলা লখিমী বৰুৱা। তৰুণ গগৈ, বৰুৱালা ৰাভা, কুশল কোঁৱৰ শৰ্মাৰ লগতে ৰাজ্যৰ মুঠ ৭গৰাকীয়ে লাভ কৰিছে ‘পদ্মশ্ৰী’ সন্মান। আজি পদ্মশ্ৰী সন্মান লাভ কৰি বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ল লখিমী বৰুৱা।

ৰাজ্যৰ যোৰহাটৰ লখিমী বৰুৱাইও লাভ কৰিছে ‘পদ্মশ্ৰী’ সন্মান। অসমৰ প্ৰথম মহিলা সমবায় বেংক কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰতিষ্ঠাপক আছিল লখিমী বৰুৱা। বেংকটো আৰ্থিকভাৱে পিছপৰা মহিলা সকলৰ সুবিধাৰ্থে প্ৰতিষ্ঠা কৰিছিল সমাজকৰ্মী লখিমীবৰুৱাই। মহিলা সৱলীকৰণৰ বাবে লখিমীবৰুৱাই প্ৰতিষ্ঠা কৰিছিল এই মহিলা সমবায় বেংক ‘কনকলতা মহিলা নগৰীয়া সমবায় বেংক’।

উত্তৰ-পূৰ্বাঞ্চলত মহিলা সৱলীকৰণৰ ক্ষেত্ৰত সমাজকৰ্মী লখিমীবৰুৱাই আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰে এই সন্মান। ‘পদ্মশ্ৰী’ সন্মান লাভ কৰি দিল্লীৰ পৰা আজি বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ল তেওঁ। বৰুৱাক বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয়ই উষ্ম আদৰণি জনাই বৰুৱাক। এই সন্মান লাভ কৰি গৌৰাম্বিত সমাজসেৱিকা লখিমীবৰুৱা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular