spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকনাও দুৰ্ঘটনাই সলাইছে মাজুলীৰ উপ-নিৰ্বাচনী সমীকৰণ: কিন্তু কিদৰে?

নাও দুৰ্ঘটনাই সলাইছে মাজুলীৰ উপ-নিৰ্বাচনী সমীকৰণ: কিন্তু কিদৰে?

ডিজিটেল ডেস্কঃ নাও দুৰ্ঘটনাই সলনি কৰিবলৈ ওলাইছে এক ৰাজনৈতিক সমীকৰণো। সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক এই সমীকৰণত সাঙোৰ খাই পৰিছে ৰাজীৱ লোচন পেগুৰ নাম। পূৰ্বে প্ৰকাশিত খবৰ অনুসৰি এইগৰাকী প্ৰাক্তন কংগ্ৰেছ বিধায়কে এইবাৰ দলত্যাগ কৰি বিজেপি দলত যোগ দি মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নমাৰ কথা আছিল।কিন্তু খবৰ অনুসৰি, ৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাই তেওঁৰ অংকতো লগাইছে কেণা।কিন্তু কিদৰে?


মাজুলীৰ নাও দুৰ্ঘটনাই কিভাৱে মাজুলীৰ মানুহৰ মাজত চৰকাৰ বিৰোধী জনমত গঠন কৰিছে সেয়া নক’লেও চলে।মানুহে যেন বুজি উঠিছে- – – দলং সম্পৰ্কে তেওঁলোকে গ্ৰহণ কৰি অহা এৰা ধৰা স্থিতিয়েই কাঢ়ি লৈ গ’ল তেওঁলোকৰেই আপোন বহু মানুহ। সেইবাবেই মানুহে এতিয়া ধিক্কাৰ দিছে সেইসকল নেতাক যিসকলে ইমান দিনে দলঙৰ প্ৰতিশ্ৰুতিৰে আভুঁৱা ভাৰি গ’ল তেওঁলোকক।স্বাভাৱিকতেই মানুহৰ ক্ষোভ শাসকীয় বিজেপিৰ প্ৰতিয়েই অধিক। নক’লেওঁ চলে, দলঙক লৈ ৰাজনীতি মাজুলীবাসীৰ সৈতে কংগ্ৰেছেও কৰিছিল।কিন্তু মানুহৰ সৰ্বাধিক আশা আছিল সৰ্বানন্দ সোণোৱালৰ পৰা। মাজুলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হৈছিলগৈ তেওঁ। এতিয়া দলঙ নোপোৱাৰ বাবে ক্ষোভিত মানুহৰ খং-ৰাগ সেইবাবেই সোণোৱাল আৰু বিজেপি চৰকাৰৰ প্ৰতিয়েই অধিক।

এনে সময়তে মাজুলীৰ পৰা বিজেপিৰ বোকোচাত উঠি বিধায়ক হৈ আহিব বিচৰা ৰাজীৱলোচন পেগুৰ ৰাজনৈতিক স্থিতি কি হয় তাৰ প্ৰতি সকলোৰে নজৰ গৈছে।প্ৰশ্ন উঠিছে, সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনত নাও দুৰ্ঘটনাটোৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব নেকি? মানুহে শীঘ্ৰেই দলঙ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিত আস্থা স্থাপন কৰিবনে? যদি আস্থা স্থাপন নকৰি উপনিৰ্বাচনলৈ ক্ষোভিত হৈয়েই ৰয় মানুহ তেন্তে কি হ’ব সেই সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ ওলোৱা প্ৰাৰ্থীগৰাকীৰ? আৰু প্ৰকাশিত খবৰ অনুসৰি সেইগৰাকী ব্যক্তি যদিহে সঁচাকৈয়ে ৰাজীৱ লোচন পেগুৱেই হয় তেন্তে তেওঁ কিভাৱে এই ক্ষোভ প্ৰশমিত কৰি নিজকে জয়ী কৰি অনাৰ পৰিকল্পনা ৰচিব? পেগুৰ বিজেপি গমনৰ সময় সঠিক নাছিল নেকি? প্ৰশ্ন অনেক, উত্তৰ দিব পাৰিব মাথো সময়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular