Google search engine
25.8 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআন্তঃৰাষ্ট্ৰীয়কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতে কৰিলে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তি ?

কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতে কৰিলে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তি ?

নতুন দিল্লী : দেওবাৰে ভাৰতে মালদ্বীপৰ সৈতে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে৷ এই কথা জানিবলৈ দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে৷ তেঁও কয়, “ভাৰত সদায় দ্বীপৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষাৰ বিশ্বস্ত সহযোগী হৈ থাকিব।”

আৰু পঢ়িব পাৰিব : ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন…

সামুদ্ৰিক সক্ষমতা গঢ়ি তোলাৰ সংকল্পৰে দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে ভাৰতে ৫০মিলিয়ন মাৰ্কিন ডলাৰ লাইন অৱ ক্ৰেডিট চুক্তি স্বাক্ষৰ কৰিছে। দুদিনীয়া ভ্ৰমণেৰে মালদ্বীপলৈ যোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছে। “প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে আমাৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় মত বিনিময় হয়। ভাৰত সদায় মালদ্বীপৰ বাবে এক বিশ্বস্ত নিৰাপত্তা অংশীদাৰ হৈ থাকিব।” বৈদেশিক মন্ত্ৰী জয়শংকৰে টুইট কৰি কয়।

আৰু পঢ়িব পাৰিব : নিৰাপত্তাৰক্ষীৰ জালত দুই লস্কৰ ঈ তৈবা সন্ত্ৰাসবাদী

“মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে ইউটিএফ হাৰ্বাৰ চুক্তি কৰি আমি আনন্দিত। ই মালদ্বিভিয়ান উপকূলৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে আঞ্চলিক এইচএডিআৰ প্ৰচেষ্টাক সহজ কৰি তুলিব। এই প্ৰচেষ্টা হৈছে বিকাশৰ সহযোগিতা, নিৰাপত্তাৰ সহযোগিতা।” তেওঁ লগতে কয়।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.8 ° C
25.8 °
25.8 °
98 %
0.8kmh
100 %
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °
Sun
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular