৭৫ হাজাৰ টকাত বিক্ৰী হ’ল অসমৰ এক কিলোগ্ৰাম চাহ

গুৱাহাটী : পুনৰ অভিলেখ সৃষ্টি কৰিছে অসমৰ ‘সেউজীয়া সোণে’। অসমৰ এখন বাগিচাৰ ‘সেউজীয়া সোণ’ চাহে লাভ কৰা মূল্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিৰল ‘মনোহৰী গ’ল্ড টী’ এইবাৰ বিক্ৰী হৈছে প্ৰতি কিলোগ্ৰামত ৭৫হাজাৰ টকা মূল্যত। ক্ৰমাগত তৃতীয় বছৰলৈ এই চাহে নিলামত অতি উচ্চ দাম লাভ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত ‘মনোহৰী গ’ল্ড টী’ৰ এক কিলোগ্ৰাম ৩৯,০০১টকা দামত বিক্ৰী হৈছিল।

আৰু পঢ়িব পাৰিব :হাজোত আঞ্চলিক গণমৰ্চাৰ সাধাৰণ সভা, ডেৰ-শতাধিকৰ যোগদান

২০১৯ চনত এই দাম বৃদ্ধি পাইছিল প্ৰতি কিলোগ্ৰামত ৫০হাজাৰ টকালৈ। এইবাৰ নিলামৰ সময়ত এই চাহ সৰ্বাধিক ৭৫হাজাৰ টকা দামত ক্ৰয় কৰিছে ‘বিষ্ণু টী কোম্পানী’-এ। ‘মনোহৰী টী ইষ্টেট’ৰ সঞ্চালক ৰাজন লোহিয়াই এই সম্পৰ্কে কয়, ‘এইবছৰ ২.৫ কিলোগ্ৰাম হেণ্ডমেড গোল্ড টী প্ৰস্তুত কৰা হৈছিল।

আৰু পঢ়িব পাৰিব :‘আল্লাহু আকবৰ’ ধ্বনি দি গীৰ্জাত মহিলাৰ শিৰচ্ছেদ সন্ত্ৰাসবাদীৰ

ইয়াৰ ভিতৰত ১.২ কিলোগ্ৰাম নিলামত বিক্ৰী হৈছে আৰু বাকী থকা আপুৰুগীয়া চাহখিনি গুৱহাটী টী অকচন চেণ্টাৰকে ধৰি ভালেমান নিৰ্বাচিত বিপনীত বিক্ৰীৰ বাবে ৰখা হ’ব।’ বিশ্বৰ ভিতৰতে অন্যতম মূল্যবান হিচাপে চিহ্নিত ‘মনোহৰী গ’ল্ড টী’ৰ এই সমাদৰ অসমৰ চাহ উদ্যোগৰ কাৰণে গৌৰৱৰ কাৰণ হিচাপে চিহ্নিত হৈছে।

Show More

Related Articles

Back to top button