Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিক‘মিছন ৰামধেনু-২০২১’ মুকলি : কোনে সুবিধা পাব এই আচঁনিৰ ভিতৰত?

‘মিছন ৰামধেনু-২০২১’ মুকলি : কোনে সুবিধা পাব এই আচঁনিৰ ভিতৰত?

গুৱাহাটী: সমগ্র ৰাজ্যজুৰি আজি মুকলি কৰা হয় ‘মিছন ৰামধেনু-২০২১’ আঁচনিখন। ‘এমএমচিএইচ’ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মুকলি কৰিলে ‘মিছন ৰামধেনু’ নামৰ এই নতুন আচঁনিখন৷ এই আচঁনিৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু শিশুসকলক টিকাকৰণ কৰা হ’ব৷

প্ৰতিমাহৰ ৭ তাৰিখৰপৰা ১৩ তাৰিখলৈ ৭ দিনত বিশেষভাৱে প্ৰদান কৰা হ’ব এই ভেকচিন। ক’ভিডৰ বাবে কিছু পৰিমাণে স্তব্ধ হৈ পৰিছিল শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ সাধাৰণ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। যাৰ বাবে স্বাস্থ্য বিভাগৰ এই আঁচনি মুকলি কৰা হৈছে। তিনিটা পৰ্যায়ত হ’ব লগা ভেকচিন প্ৰক্ৰিয়া ‘মিছন ৰামধেনু’ মুকলি আনুষ্ঠানিকভাৱে মুকলি কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ হাস্পতালসমূহত আজিৰেপৰা ৪৭৪১টা কেন্দ্ৰত টিকাকৰণ হ’ব বুলি জানিবলৈ দিয়ে৷ ২ বছৰ তলৰ আৰু গৰ্ভৱতী মহিলাক দিয়া হ’ব এই ভেকচিন৷ ১ লাখ ১৮ হাজাৰ ১৪৭টা শিশুক দিয়া হ’ব এই ভেকচিন৷

ইয়াৰ উপৰি পলিঅ’, ৰুবেলা, জাপানিজ, টিভি, নিমোনীয়া আদি ৰোগৰো ভেকচিন প্ৰদান কৰা হ’ব৷ জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ প্ৰতি ৭ তাৰিখৰ পৰা ১৩ তাৰিখলৈ দিয়া হ’ব ভেকচিন৷ কামৰূপ মেট্ৰ’ৰ ক্ষেত্ৰত ক’ভিড সংক্ৰমণৰ তীক্ষ্ণ নজৰ থাকিব চৰকাৰ আৰু প্ৰশাসনৰ৷ কাইলৈ বা পৰহিলৈ ক’ভিডযোদ্ধাসকল আৰু জিলা প্ৰশাসনৰে স্বাস্থ্য বিভাগৰ হ’ব আলোচনা হ’ব৷

আনহাতে, পূৰ্বতকৈ ৰাজ্যত কমিছে ভেকচিনৰ যোগান৷ কেন্দ্ৰই পৰ্যাপ্ত ভেকচিন দিলে আমি পুনৰ পূৰ্বৰ দৰেই দিব পাৰিম ভেকচিন৷ কামৰূপ মেট্ৰ’ত সংক্ৰমণ বৃদ্ধি কিয় হৈছে এই বিষয়ে বিভিন্ন দিশ চোৱাচিতা কৰা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular