spot_img
28 C
Guwahati
Sunday, September 19, 2021
spot_img
Homeআঞ্চলিকনগাঁৱৰ ৰে’লৱে ষ্টেচনত শোকাৱহ দুৰ্ঘটনা! কাৰ এই মৃতদেহ?

নগাঁৱৰ ৰে’লৱে ষ্টেচনত শোকাৱহ দুৰ্ঘটনা! কাৰ এই মৃতদেহ?

নগাঁওঃ নগাঁৱৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচনত পুৱাই সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। যাত্ৰীবাহী ৰে’লৰ আগত পৰি যুৱকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ নগাঁৱতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নগাঁও জিলাৰে জুৰীয়াৰ দগাঁৱৰ ৰাজু বৰুৱা বুলি চিনাক্ত কৰিছে স্থানীয় লোকসকলে।

যুৱকজনে পুৱা গুৱাহাটীলৈ যাবলৈ হয়বৰগাঁও ষ্টেচনত উপস্থিত হৈ ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই চলন্ত ৰে’লৰ আগত পৰাৰ ফলতেই সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো।

ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় হয়বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ ক্ষত-বিক্ষত অংশ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ‘নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
40 %
Sun
27 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular