spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআন্তঃৰাষ্ট্ৰীয়প্ৰায় ৬ ঘণ্টা শ্বাটডাউন, কিমান কোটি টকা লোকচান মাৰ্ক জুকাৰবাৰ্গৰ?

প্ৰায় ৬ ঘণ্টা শ্বাটডাউন, কিমান কোটি টকা লোকচান মাৰ্ক জুকাৰবাৰ্গৰ?

ডিজিটেল ডেস্কঃ বিশ্বজুৰি সোমবাৰে স্থৱিৰ হৈ পৰিছিল হোৱাটছ এপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ৷ ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবাৰ্গে ৷ প্ৰতিষ্ঠানটোৱে সোমবাৰে এক পোষ্টযোগে কয় যে, ‘সমগ্ৰ বিশ্বৰ পৰা ১০.৬ নিযুতৰো অধিক সমস্যাৰ প্ৰতিবেদনৰ সৈতে ডাউনডিটেক্টৰত আমি দেখা আটাইতকৈ ডাঙৰ বিভ্ৰাট ।

’ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১.৭ নিযুততকৈ অধিক সেৱা ব্যাহত হয়, তাৰ পাছত জাৰ্মানীত ১.৩ নিযুত আৰু নেডাৰলেণ্ডে ৯,১৫,০০০সেৱা ব্যাহত হৈ পৰিছিল ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে , ভাৰতত ৪১ কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে, হোৱাটছ এপ ব্যৱহাকৰীৰ সংখ্যাও ভাৰতত বহু বেছি। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে হোৱাটছ এপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে। ভাৰতত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ২১ কোটি।
ইফালে, কিছু ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰা ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ আৰু এক হুইচব্লোৱাৰ–এ প্ৰকাশ কৰা অনুসৰি কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ ৬০০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৪,৪৭,৩৪,৮৩,০০,০০০ টকাৰ লোকচান হয়। ৰিপ’ৰ্টে কয় যে, কিছু ঘণ্টাৰ বাবে সৃষ্টি হোৱা এই সমস্যাৰ ফলত ধনীৰ তালিকাতো জুকাৰবাৰ্গ এখোঁজ পিছুৱাই গৈ মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছতকৈ এটা স্থান তললৈ আহে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular