spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকচৰকাৰৰ এছঅ'পিত হতাশ বাছৰ চালক, কৰ্মচাৰী !

চৰকাৰৰ এছঅ’পিত হতাশ বাছৰ চালক, কৰ্মচাৰী !

গুৱাহাটী : শেহতীয়াকৈ প্ৰকাশ পোৱা এছঅ’পিক লৈ অসন্তুষ্ট বাছ চালক আৰু কৰ্মচাৰীসকল৷ বিভ্রান্তিকৰ এছঅ’পিক লৈ সৰব হৈ পৰিছে সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা৷ আন্তঃজিলা বাছসেৱা বন্ধ আছে যদিও ৰে’লসেৱা খোলা আছে৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধীতাৰে ISBT ত সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থাই আজি এক সংবাদমেল অনুষ্ঠিত কৰে৷


সংবাদমেলত তেঁওলোকে কয় চৰকাৰে ১৫ আগষ্টৰ পাছত শিথিলতা অহাৰ কথা কৈছিল যদিও নহল৷ তেনে ক্ষেত্ৰত পৰিয়াল কেনেকৈ চলিব তাক লৈ সমস্যাৰ সন্মুখীন হৈছে৷ সম্পাদক ৰূপম দত্তই “একো নাথাকিলে  মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৰত আমাক কোৰ মাৰিবলৈ দিয়ক। নহলে আমাৰ খাবলৈ একো নাই।” বুলিও উল্লেখ কৰে৷

চালক সন্থাই মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাই কয়, “আমি মাক্স পিন্ধা এৰি দিছো, আপোনালোকে নিৰ্দেশ কৰক ক’ভিড কেন্দ্ৰত আমি গাড়ী ৰখাম৷ যিধৰণে নিৰ্দেশ দিয়ে তাকে মানি লম, মাথোন গাড়ী চলাব দিয়ক।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular