spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeৰাষ্ট্ৰীয়হাস্পতাল নহয় যেন ভূতৰ নগৰী! লাওখোলা, নৰ-কংকালেৰে ভৰিছে এখন চিকিৎসালয়

হাস্পতাল নহয় যেন ভূতৰ নগৰী! লাওখোলা, নৰ-কংকালেৰে ভৰিছে এখন চিকিৎসালয়

ডিজিটেল ডেস্ক : বিভিন্ন সময়ত চিকিৎসালয়বোৰত ৰোগীৰ শৰীৰক লৈ খেলা কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে পোহৰলৈ আহিছে এখন ব্যক্তিগত চিকিৎসালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। চিকিৎসালয়খনৰ পৰা উদ্ধাৰ কৰা হৈছে এটাৰ পাছত আনটো নৰ-কংকাল। কনমানি শিশুৰ লাওখোলাৰে উপচি আছে চিকিৎসালয়ৰ চৌহদ। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা।

মহাৰাষ্ট্ৰৰ ৱৰ্দ্ধা জিলাস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ৱৰ্দ্ধা জিলাৰ আৰ্বি নামৰ অঞ্চলৰ কদম নাৰ্চিং হোম নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এই নক-কংকাল আৰু লাওখোলাবোৰ। এতিয়ালৈকে ঘটনাস্থলীৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা নৰ-কংকাল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ অবৈধ গৰ্ভপাতৰ ঘটনা তদন্ত কৰিবলৈ যোৱা এটা আৰক্ষীৰ দলে ব্যক্তিগত চিকিত্সালয়খনৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰিছে এই লাওখোলা আৰু কংকাল। আৰক্ষীয়ে ইতিমধ্যে চিকিত্সালয়খনৰ পৰিচালক ৰেখা কদম আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ৪ জানুৱাৰীত এগৰাকী নাবালিকা ছোৱালীৰ গৰ্ভপাতৰ বিষয়ে জানিব পাৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ স্থানীয় সূত্ৰৰ সহায়ত জানিব পাৰিছিল যে ছোৱালীজনীৰ পৰিয়ালক নাবালক ল’ৰা পৰিয়ালৰ হৈ ঘটনা সম্পৰ্কে কাৰো আগত মুখ নুখুলিবলৈ ভাবুকি দিছিল। ছোৱালীজনীৰ অবৈধ গৰ্ভপাতৰ কেইদিনমান পিছত অৰ্থাত্ ৯ জানুৱাৰীত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ তদন্তৰ বাবে ছোৱালীজনীক গৰ্ভপাত কৰোৱা কদম চিকিৎসালয়তো আৰক্ষীয়ে অভিযান চলাইছিল। অভিযানকালত চিকিৎসালয়খনৰ জৈৱ গেছ প্ৰকল্পৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা ভ্ৰূণৰ হাড় উদ্ধাৰ কৰা হৈছে। এই লাওখোলা আৰু কংকালবোৰ কোনো প্ৰাপ্তবয়স্ক ব্যক্তি বা পূৰ্ণাংগ মানুহৰ নহয়। এইবোৰ হৈছে প্ৰাক্ প্ৰসৱ কালৰ গৰ্ভজাত ভ্ৰূণ।

বৰ্তমান আৰক্ষীয়ে চিকিত্সালয়খনৰ পৰিচালক ৰেখা নীৰজ কদম আৰু তেওঁৰ সহযোগী নাৰ্ছ সংগীত কালেক গ্ৰেপ্তাৰ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁলোকে এগৰাকী ১৩ বছৰীয়া কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাবলৈ ল’ৰাৰ পৰিয়ালৰ জৰিয়তে ভাবুকি দিয়া কাৰ্যত সহযোগ কৰিছিল। গৰ্ভপাতৰ বাবদ চিকিৎসালয়ে ৩০ হাজাৰ টকাও লৈছিল। ইয়াৰ উপৰি আৰক্ষীয়ে অভিযুক্ত ল’ৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে নাবালক ছোৱালীজনীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল। লগতে ছোৱালীজনীৰ পৰিয়ালটোক এই বিষয়ে কাৰো আগত মুখ নুখুলিবলৈ হেঁচা দিছিল। ইয়াৰ অন্যথা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি দিছিল ল’ৰা পক্ষৰ লোকসকলে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular