spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeক্ৰীড়াৰোহিত নহয় বুমৰাহৰ মুখত আখৈ ফুটা দি ফুটিছে কোহলীৰ নাম, কিন্তু কিয়?

ৰোহিত নহয় বুমৰাহৰ মুখত আখৈ ফুটা দি ফুটিছে কোহলীৰ নাম, কিন্তু কিয়?

নতুন দিল্লীঃ কেপটাউনত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শনে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। বুমৰাহৰ বিধ্বংসী বলিংৰ সন্মুখত প্ৰথম ইনিংছতে তাছ পাতৰ দৰে দক্ষিণ আফ্ৰিকাৰ বেটিং অৰ্ডাৰ খহি পৰিছিল। ৪২ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰা বুমৰাহৰ মুখত এতিয়া শুনিবলৈ পোৱা গৈছে কোহলীৰ প্ৰশংসা। বুধবাৰৰ খেলৰ অন্তত সংবাদমেলত বুমৰাহৰ স্পষ্টমত, ‘মই ৪বছৰ আগতে বিৰাটৰ নেতৃত্বত এইখন খেলপথাৰতে টেষ্টমেচৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিলো। তেওঁৰ নেতৃত্বত খেলাৰ আনন্দ সুকীয়া।’ বুমৰাহে লগতে কয়, ‘বিৰাট কোহলী আমাৰ কাষত সদায়ে আছে। তেওঁ দলৰ প্ৰতিগৰাকী বলাৰকে সমানে গুৰুত্ব দিয়ে। তেওঁৰ উপস্থিতিয়ে দলটোক সাহস দিয়ে।’

স্মৰ্তব্য যে, আজিৰ পৰা ৪বছৰ পূৰ্বে কেপটাউনত নিউলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক হৈছিল বুমৰাহৰ। পুনৰ একেখন খেলপথাৰতে বুমৰাহৰ উন্নত প্ৰদৰ্শন। এই প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়ানুৰাগীক। ইয়াৰ লগে লগে টেষ্ট কেৰিয়াৰত সপ্তমবাৰৰ বাবে ৫টা উইকেট দখলৰো কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় পেচাৰজনে। এই সন্দৰ্ভত বুমৰাহে কয়, ‘টেষ্ট অভিষেক হোৱা খেলপথাৰখনত পুনৰ খেলাৰ অনুভৱ সুকীয়া। আৰু যদি খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে তেন্তে পৰম সন্তুষ্টি লাভ কৰা যায়।’
এই সফলতা দীৰ্ঘদিনীয়া কঠোৰ পৰিশ্ৰমৰে ফল বুলি অভিহিত কৰিছে বুমৰাহে। তেওঁ কয়, ‘কঠোৰ পৰিশ্ৰমে সঠিক ফলাফল প্ৰদান কৰে। কেতিয়াবা মই উইকেট পাওঁ, কেতিয়াবা আন কোনোবাই পায়। আমি এটা দল হিচাপে খেলি যাব বিচাৰো।’

মনকৰিবলগীয়া যে, জোহান্সবাৰ্গত পৰাজয়ৰ পাছত বুমৰাহৰ ফৰ্মক লৈয়ো উঠিছিল নানা প্ৰশ্ন। তথাপি ভাগি পৰা নাছিল বুমৰাহে। তেওঁ কয়, ‘মই খং কৰা নাই। ব্যক্তিগত অভিজ্ঞতাৰ পৰা কও, বাহিৰত আলোচনা হোৱা কথাবোৰৰ প্ৰতি মনোযোগ দিলে মোৰ সমস্যা হয়। মোৰ হাতত যিখিনি আছে সেইখিনিক লৈয়ে আৰু অধিক অনুশীলন কৰিবলৈ চেষ্টা কৰো। আমি সকলোৱে এটা নিৰ্দিষ্ট পথ অনুসৰণ কৰো। তাকে লৈ কিছুমানে প্ৰশংসা কৰে, কিছুমানে সমালোচনা কৰে। তাৰে মাজেৰেই আমি আগুৱাই যাব লাগিব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular