--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • PMSBY বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰাটো কোনো কঠিন কাম নহয়। এই ক্ষেত্ৰত বেংকলৈ গৈ অতি সহজেই নিৰ্দিষ্ট ফৰ্ম পূৰণ কৰি এই স্কিমত আবেদন কৰিব পাৰিব।

ডিজিটেল ডেস্ক: বৰ্তমান সকলোৰে বাবে ইন্সুৰেন্স থকাটো জৰুৰী। ইন্সুৰেন্স কৰিলে পৰিয়াল সুৰক্ষিত থাকে আৰু মনতো শান্তি পোৱা যায়। কিন্তু সমস্যাটো হ’ল, বৰ্তমান যিকোনো প্ৰাইভেট ইন্সুৰেন্স কোম্পানীৰ প্ৰিমিয়াম যথেষ্ট বেছি। যাৰ বাবে ইন্সুৰেন্স কৰিবলৈ গৈও বহুতে পিছুৱাই আহে। এই সমস্যাৰ সমাধান কৰি দিছে ভাৰত চৰকাৰে।


ইয়াৰ দ্বাৰা মাত্ৰ ২০ টকা বাৰ্ষিক প্ৰিমিয়ামত ২ লাখ টকাৰ ইনছুৰেন্স কভাৰ দিয়া হৈছে। আৰু এই ইন্সুৰেন্সৰ নাম হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা পি.এম.এছ.বি.ৱাই (PMSBY)। অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়েই নৰেন্দ্ৰ মোদী চৰকাৰে এই আঁচনিখন লৈ আহিছে।


প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) কি?


PMSBY হৈছে এক পাৰ্চনেল এক্সিডেণ্টেল ইনছুৰেন্স কভাৰ (Personal Accidental Insurance Cover)। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ ২০ টকা। আৰু ইয়াতেই ২ লাখ টকাৰ কভাৰেজ পোৱা যাব। এই ক্ষেত্ৰত দুৰ্ঘটনাত মৃত্যু হ’লে বা শাৰীৰিক অক্ষমতা (Disability) হ’লে চৰকাৰে ইনছুৰেন্স গ্ৰহণকাৰীক এই ধন প্ৰদান কৰিব।


প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা পি.এম.এছ.বি.ৱাই-ৰ নিয়ম অনুসৰি, কোনো ব্যক্তিৰ মৃত্যু হ’লে বা তেওঁৰ সম্পূৰ্ণ অক্ষমতা হ’লে সম্পূৰ্ণ ২ লাখ টকাই পোৱা যাব। যদিও কোনো ব্যক্তিৰ আংশিক অক্ষমতা (Partial Disability) হয়, তেনেহ’লে চৰকাৰৰ তৰফৰ পৰা ১ লাখ টকা দিয়া হ’ব।


কোন বয়সত কৰিব পাৰি?


PMSBY বীমা কৰাত তেনে কোনো খৰচ নাই বুলিয়েই ক’ব পাৰি। মাত্ৰ ২০ টকা দি যিকোনো মানুহেই ইচ্ছা কৰিলে এই বীমা কৰি ল’ব পাৰে। যাৰ জৰিয়তে লাভ কৰিব পাৰি ২ লাখ টকা। বিপদত পৰিলে এই টকাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে সুৰক্ষাৰ ঢাল হৈ থিয় দিব পাৰে।


এতিয়া প্ৰশ্ন হ’ল, কোন বয়সত এই স্কিম কৰিব পাৰি? ১৮ ৰ পৰা ৭০ বছৰ বয়সৰ ব্যক্তিয়ে এই স্কিম কৰিব পাৰে। তাৰ পিছত এক্সিডেণ্টেল কভাৰেজ লাভ কৰিব।


অটো ডেবিট হৈ যাবনে?


প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰাৰ বাবে বেংক একাউণ্ট থকাটো বাধ্যতামূলক। এই ক্ষেত্ৰত একাধিক বেংক একাউণ্ট থাকিলেও সমস্যা নাই। কিন্তু বেংক একাউণ্ট নাথাকিলে টকা পোৱা নাযাব।


এই বীমাত প্ৰতিবছৰে নিয়ম অনুসৰি টকা অটো ডেবিট হৈ যায়। এই ক্ষেত্ৰত ১ জুনৰ আগতে একাউণ্টৰ পৰা টকা ডেবিট হয়। সেইবাবে বেংক একাউণ্টত কমেও ২০ টকা ৰাখিবই লাগিব।


কোন সময়ত নামভৰ্তি কৰিব পাৰি?


গোটেই বছৰটোৱেই এই বীমাত আবেদন কৰিব পাৰি। তেনে কোনো নিৰ্দিষ্ট সময়সীমা নাই।


আবেদন কৰিব কেনেকৈ?


PMSBY বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰাটো কোনো কঠিন কাম নহয়। এই ক্ষেত্ৰত বেংকলৈ গৈ অতি সহজেই নিৰ্দিষ্ট ফৰ্ম পূৰণ কৰি এই স্কিমত আবেদন কৰিব পাৰিব।


এই ক্ষেত্ৰত নাম, আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ আদি কিছুমান সাধাৰণ তথ্যৰ প্ৰয়োজন হ’ব। তাৰ পিছতে ফৰ্ম জমা দিলেই আৰম্ভ হৈ যাব PMSBY।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক