--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰী এক জৰীপৰ মতে, ভাৰতৰ অংশত হিমালয় পর্বতমালাত প্রায় ৭,৫০০টা হিমবাহীয় হ্রদ আছে। ইয়াৰে প্রায় ১০ শতাংশ ছিকিমত আছে।

ডিজিটেল ডেস্ক : নেপালত শেহতীয়াকৈ হিমবাহৰ বাবে হোৱা ধ্বংসৰ পাছত এই প্রশ্ন উত্থাপন হৈছে যে হিমালয়ত থকা হিমবাহীয় হ্ৰদৰ (গ্লেচিয়েল লেক) শৃংখল প্রতিক্ৰিয়াৰ (ইটোৰ পাছত সিটো ঘটনা) বাবে দেশ সাজুনে? 'টাইমছ অব ইণ্ডিয়া'ৰ এক প্রতিবেদন মতে, ভাৰতৰ হিমালয় অঞ্চলত প্রায় ২০০টা অতি বিপজ্জনক বুলি (হাই-ৰিস্ক) হিমবাহীয় হ্রদ চিনাক্ত কৰা হৈছে।


চৰকাৰী এক জৰীপৰ মতে, ভাৰতৰ অংশত হিমালয় পর্বতমালাত প্রায় ৭,৫০০টা হিমবাহীয় হ্রদ আছে। ইয়াৰে প্রায় ১০ শতাংশ ছিকিমত আছে। এই ১০ শতাংশৰ ২৫টা অতি বিপদাশংকা শ্রেণীভুক্ত কৰা হৈছে। দ্রুতভাৱে সলনি হোৱা পৰ্বতীয়া পৰিৱেশে সৃষ্টি কৰা ভাবুকিত এই কথাই অধিক বিপদাশংকাৰ সৃষ্টি কৰিছে। 


উক্ত জৰীপত পোৱা হৈছে যে ৪,৭০০ হিমবাহীয় হ্রদ আছে গংগা নদীৰ অববাহিকাত, যি অবৱাহিকাৰ জলাধাৰ অঞ্চল (কেচ্চমেন্ট এৰিয়া) হৈছে ২.৫ লাখ বর্গ কিল'মিটাৰতকৈ বেছি। এটা অতি বিপদাশংকাৰ হিমবাহীয় হ্রদ ভাগি গ'লেই নামনিৰ উপত্যকাসমূহলৈ বৃহৎ পৰিমাণৰ পানী, বোকা, আৱৰ্জনা বৈ যাব, যি পথ, দলং আৰু গুৰুত্বপূৰ্ণ ভৱন আদিৰ বাবে ভাবুকি হৈ পৰিব। উল্লেখযোগ্য যে শেহতীয়া সময়ছোৱাত, ২০২৩ চনৰ ৩ অক্টোবৰত ছিকিমত ভাৰতৰ আটাইতকৈ শোচনীয় হিমবাহীয় হ্রদ বিস্ফোৰণজনিত বান (জি এল অ'এফ) হৈছিল। ছিকিমৰ দক্ষিণ লোনাক হ্ৰদৰ ১৪,৭ ঘন মিটাৰৰ হিমবাহীয় শিল খহি পৰাৰ ফলত ২০ মিটাৰ উচ্চতাৰ বিধ্বংসী ঢৌৰ সৃষ্টি হৈছিল। ইয়াৰ পৰা সৃষ্টি হোৱা বানে নামনিত জলবিদ্যুৎ প্রকল্পৰ আন্তঃগাঁথনি আৰু জনবসতি অঞ্চল ধ্বংস কৰিছিল। বৰ্তমান ভাৰতৰ নেশ্যনেল জি এল অ' এফ মিটিগেশ্যন প্রগ্রেমে ১৯৫টা অতি বিপদাশংকাৰ হিমবাহীয় হ্রদ চিনাক্ত কৰিছে। 

এই প্রগ্রেমে পাঁচটা ক্ষেত্রত মনোযোগ দিছে-মূল্যায়ন, নিৰীক্ষণ, পূর্ব সতৰ্কীকৰণ, লাঘৱকৰণ বা প্রশমন আৰু সামাজিক সজাগতা। চৰকাৰে ইতিপূৰ্বেই জি এল অ' এফৰ দুৰ্যোগৰ বিপদাশংকা হ্রাস কৰাৰ বিষয়ত এখন উচ্চস্তৰীয় সমন্বয় সমিতি গঠন কৰিছিল। এই অভিযানৰ নেতৃত্বত আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রধান সচিব পি কে মিশ্র। এই সমিতিখনক বিভিন্ন এজেঞ্চিক একগোট কৰা, হিমবাহীয় হ্ৰদৰ জৰীপ কৰা আৰু অতি বিপদাশংকাৰ হ্ৰদবোৰ চিনাক্ত কৰাৰ দায়িত্ব দিয়া হৈছিল। এই নেশ্যনেল জি এল অ' এফ মিটিগেশ্যন প্রগ্রেমলৈ কেন্দ্ৰীয় চৰকাৰে ১৫০ কোটি টকাৰ আবণ্টনো দিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস