--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰী এক জৰীপৰ মতে, ভাৰতৰ অংশত হিমালয় পর্বতমালাত প্রায় ৭,৫০০টা হিমবাহীয় হ্রদ আছে। ইয়াৰে প্রায় ১০ শতাংশ ছিকিমত আছে।

ডিজিটেল ডেস্ক : নেপালত শেহতীয়াকৈ হিমবাহৰ বাবে হোৱা ধ্বংসৰ পাছত এই প্রশ্ন উত্থাপন হৈছে যে হিমালয়ত থকা হিমবাহীয় হ্ৰদৰ (গ্লেচিয়েল লেক) শৃংখল প্রতিক্ৰিয়াৰ (ইটোৰ পাছত সিটো ঘটনা) বাবে দেশ সাজুনে? 'টাইমছ অব ইণ্ডিয়া'ৰ এক প্রতিবেদন মতে, ভাৰতৰ হিমালয় অঞ্চলত প্রায় ২০০টা অতি বিপজ্জনক বুলি (হাই-ৰিস্ক) হিমবাহীয় হ্রদ চিনাক্ত কৰা হৈছে।


চৰকাৰী এক জৰীপৰ মতে, ভাৰতৰ অংশত হিমালয় পর্বতমালাত প্রায় ৭,৫০০টা হিমবাহীয় হ্রদ আছে। ইয়াৰে প্রায় ১০ শতাংশ ছিকিমত আছে। এই ১০ শতাংশৰ ২৫টা অতি বিপদাশংকা শ্রেণীভুক্ত কৰা হৈছে। দ্রুতভাৱে সলনি হোৱা পৰ্বতীয়া পৰিৱেশে সৃষ্টি কৰা ভাবুকিত এই কথাই অধিক বিপদাশংকাৰ সৃষ্টি কৰিছে। 


উক্ত জৰীপত পোৱা হৈছে যে ৪,৭০০ হিমবাহীয় হ্রদ আছে গংগা নদীৰ অববাহিকাত, যি অবৱাহিকাৰ জলাধাৰ অঞ্চল (কেচ্চমেন্ট এৰিয়া) হৈছে ২.৫ লাখ বর্গ কিল'মিটাৰতকৈ বেছি। এটা অতি বিপদাশংকাৰ হিমবাহীয় হ্রদ ভাগি গ'লেই নামনিৰ উপত্যকাসমূহলৈ বৃহৎ পৰিমাণৰ পানী, বোকা, আৱৰ্জনা বৈ যাব, যি পথ, দলং আৰু গুৰুত্বপূৰ্ণ ভৱন আদিৰ বাবে ভাবুকি হৈ পৰিব। উল্লেখযোগ্য যে শেহতীয়া সময়ছোৱাত, ২০২৩ চনৰ ৩ অক্টোবৰত ছিকিমত ভাৰতৰ আটাইতকৈ শোচনীয় হিমবাহীয় হ্রদ বিস্ফোৰণজনিত বান (জি এল অ'এফ) হৈছিল। ছিকিমৰ দক্ষিণ লোনাক হ্ৰদৰ ১৪,৭ ঘন মিটাৰৰ হিমবাহীয় শিল খহি পৰাৰ ফলত ২০ মিটাৰ উচ্চতাৰ বিধ্বংসী ঢৌৰ সৃষ্টি হৈছিল। ইয়াৰ পৰা সৃষ্টি হোৱা বানে নামনিত জলবিদ্যুৎ প্রকল্পৰ আন্তঃগাঁথনি আৰু জনবসতি অঞ্চল ধ্বংস কৰিছিল। বৰ্তমান ভাৰতৰ নেশ্যনেল জি এল অ' এফ মিটিগেশ্যন প্রগ্রেমে ১৯৫টা অতি বিপদাশংকাৰ হিমবাহীয় হ্রদ চিনাক্ত কৰিছে। 

এই প্রগ্রেমে পাঁচটা ক্ষেত্রত মনোযোগ দিছে-মূল্যায়ন, নিৰীক্ষণ, পূর্ব সতৰ্কীকৰণ, লাঘৱকৰণ বা প্রশমন আৰু সামাজিক সজাগতা। চৰকাৰে ইতিপূৰ্বেই জি এল অ' এফৰ দুৰ্যোগৰ বিপদাশংকা হ্রাস কৰাৰ বিষয়ত এখন উচ্চস্তৰীয় সমন্বয় সমিতি গঠন কৰিছিল। এই অভিযানৰ নেতৃত্বত আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রধান সচিব পি কে মিশ্র। এই সমিতিখনক বিভিন্ন এজেঞ্চিক একগোট কৰা, হিমবাহীয় হ্ৰদৰ জৰীপ কৰা আৰু অতি বিপদাশংকাৰ হ্ৰদবোৰ চিনাক্ত কৰাৰ দায়িত্ব দিয়া হৈছিল। এই নেশ্যনেল জি এল অ' এফ মিটিগেশ্যন প্রগ্রেমলৈ কেন্দ্ৰীয় চৰকাৰে ১৫০ কোটি টকাৰ আবণ্টনো দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল