spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকমৰ্মান্তিক : বজাৰলৈ যোৱা মহিলাক ডিঙিত ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

মৰ্মান্তিক : বজাৰলৈ যোৱা মহিলাক ডিঙিত ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্ক : অপৰাধৰ ৰম্যভূমি হৈ পৰিছে ৰাজ্য৷ সুৰক্ষীত নহয় নাৰী তথা যুৱতী৷ প্ৰতিদিনে নাৰীসকল স্বীকাৰ হৈছে ধৰ্ষণ-হত্যাৰ দৰে ঘটনাৰ৷ এইবাৰ বজাৰলৈ যোৱা মহিলাক ঘপিয়াই হত্যা কৰে দুবৃত্তই৷ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ মৰনৈ। জানিব পৰা মতে, যমুনা দাস নামৰ মহিলাগৰাকীক প্ৰথমে হত্যাৰ ভাবুকি আৰু তাৰপাছত দাৰে ঘপিয়াই যাৰফলত থিতাতেই নিহত হয় মহিলাগৰাকী৷

উল্লেখ্য যে, মৰনৈৰ হীৰাপাৰাৰ দিলিপ দাসৰ দ্বিতীয় পত্নী আছিল যমুনা দাস৷ অভিযোগ অনুসৰি, দিলিপ দাসৰ প্ৰথমা পত্নীৰ পুত্ৰ অকন দাসে ধন দাবি কৰিছিল৷ আৰু এই ধন নিদিলে হত্যাৰ ভাবুকি দিছিল যমুনা দাসক৷ জানিব পৰা মতে, প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পাছত দ্বিতীয় বিবাহ কৰিছিল দিলিপ দাসে। আৰু তেতিয়াৰ প্ৰতিমাহে ১০হাজাৰকৈ টকা প্ৰথমা পত্নীক দি আহিছিল তেওঁ৷

কিছুদিন পূৰ্বে প্ৰথমা পত্নীৰ পুত্ৰ অকনে যমুনাক ৫০হাজাৰ টকাৰ ধন দাবী কৰিছিল৷ আৰু ধন নিদিলে মৃত্যুৰ ভাবুকিও দিছিল৷ অৱশেষত সোমবাৰে সন্ধিয়া বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত দুবৃত্তই দাৰে ঘপিয়াই থৈ যায় যমুনা দাসক৷ যাৰ ফলত থিতাতেই নিহত যমুনা৷ ইতিমধ্যে আৰক্ষী অধিক তদন্তৰ বাবে শোধা-পোচা অব্য়াহত ৰাখিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular