spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeমনোৰঞ্জনছবিৰ আপডেট নাই...‘যথেষ্ট হৈছে,আৰু কোনো প্ৰশ্ন নাই’;অভিমানী প্ৰভাস অনুৰাগীৰ ছুইচাইড নোট

ছবিৰ আপডেট নাই…‘যথেষ্ট হৈছে,আৰু কোনো প্ৰশ্ন নাই’;অভিমানী প্ৰভাস অনুৰাগীৰ ছুইচাইড নোট

নতুন দিল্লীঃ ‘বাহুবলী’ৰ যোগেদি অনুৰাগীৰ মণিকূটত নিগাজী আসন দখল কৰিছিল জনপ্ৰিয় অভিনেতা প্ৰভাসে।জনপ্ৰিয়তাৰ শিখৰ চুৱা ‘বাহুবলী’ৰ পাছৰ পৰাই প্ৰভাসৰ নতুন ছবিৰ বাবে অন্তহীন আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে। প্ৰভাসৰ নতুন ছবি ‘ৰাধে শ্যাম’ৰ মুক্তিৰ দিন গণনা ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু অনুৰাগীয়ে প্ৰভাসৰ নতুন কামৰ যেন কোনো খবৰে পোৱা নাই। ফলত এগৰাকী প্ৰভাস অনুৰাগীয়ে ঘটালে অঘটন। প্ৰিয় অভিনেতাজনৰ নতুন ছবিৰ খবৰ নোপোৱাত ৰুষ্ট হৈ পৰিল অনুৰাগী। হতাশৰ কবলত পৰা অনুৰাগীয়ে বাচি ল’লে চৰম পথ!ছবিৰ আপডেট নপাই অনুৰাগীয়ে লিখি থৈ যোৱা ছুইচাইড নোটে এতিয়া সৰ্বত্ৰে খলকনি তুলিছে।

টোকাটোত উল্লেখ থকা অনুসৰি, ‘ইউভি ক্ৰিয়েশ্যন’ দল আৰু চলচ্চিত্ৰখনৰ পৰিচালক ৰাধাকৃষ্ণক তেওঁৰ আত্মহত্যাৰ বাবে দোষাৰোপ কৰিছে। ছবি নিৰ্মাতাই বহু দিন ধৰি ছবিখনক লৈ কোনো ধৰণৰ আপডেট নিদিয়া বুলিও দাবী কৰিছে এইগৰাকী অনুৰাগীয়ে। ইয়াৰ পূৰ্বে তেওঁ কোনদিনে এইদৰে চিঠি লেখা নাছিল,কেবল এখন ছবিৰ বাবে ছুইচাইড নোট লিখিবলৈ কলমত হাতত তুলি লোৱা বুলিও মন্তব্য কৰিছে ব্যক্তিজনে।

ইয়াৰোপৰি সামাজিক মাধ্যমতো ছবিখনক লৈ এটা পোষ্ট লিখিছিল ব্যক্তিজনে। পোষ্টটোত তেওঁ কয়, ‘বহু দিনৰ পৰাই প্ৰভাসৰ ছবিৰ অপেক্ষাত আছো। কিন্তু ছবি নিৰ্মাতাই মোৰ কথাক কাণ সৰালি দিলে।’ ইয়াৰ পাছত প্ৰভাস অভিনীত এখন ছবিৰ সংলাপ উল্লেখ কৰি কয়, ‘যথেষ্ট হৈছে,আৰু কোনো প্ৰশ্ন নাই।’
অৱশ্যে, ‘ৰাধে শ্যাম’ ছবিখনৰ মুক্তিৰ বাবে যো-জা চলিছে। প্ৰায় ৩৫০ কোটি বাজেটৰ এই ছবিখনত প্ৰভাসৰ বিপৰীতে আছে পূজা হেগড়ে। ছবিখন আগন্তুক বৰ্ষৰ জানুৱাৰীত মুক্তি পাব বুলি জানিবলৈ দিছে ছবি নিৰ্মাতাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular