spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআন্তঃৰাষ্ট্ৰীয়ধৰ্মীয় স্থানত বনাইছিল অশ্লীল ভিডিঅ'; ধৰা পৰি ভুগিলে কাৰাবাস

ধৰ্মীয় স্থানত বনাইছিল অশ্লীল ভিডিঅ’; ধৰা পৰি ভুগিলে কাৰাবাস

ডিজিটেল ডেস্কঃ মানুহক ভয় খুৱাই বা আচম্বিত কৰি বনোৱা ‘প্ৰেংক ভিডিঅ”বোৰ ইণ্টাৰনেটত বহুলচৰ্চিত। ব্যস্ততাপূৰ্ণ ঠাইত সাধাৰণ লোকক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন কৰোৱাই বনোৱা প্ৰেংক ভিডিঅ’ই আমোদ দিয়ে দৰ্শকক। অৱশ্যে কেতিয়াবা কোনো লোকক প্ৰেংক কৰিবলৈ গৈ তিতা-কেহাও পায় প্ৰেংক কৰোতাই। এইবাৰ প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ গভীৰ সংকটত এক জনপ্ৰিয় যুটি।

তাজিকিস্তানৰ অনলাইন প্ৰেংক ষ্টাৰ ৰুছলান মুৰোডঝোনজোদা আৰু প্ৰেয়সী এনাছটাছিয়া চিষ্টোভাই এক ধৰ্মীয় স্থানৰ সন্মুখত প্ৰেংক কৰিবলৈ অশ্লীল ভিডিঅ’ বনাইছিল। ৰুছলানে মস্কোৰ ৰেড স্কুৱেৰত থকা ছেইণ্ট বেছিল চাৰ্চৰ সমীপত অশ্লীল প্ৰেংক ভিডিা’টো বনাই থাকোতে আৰক্ষীৰ নজৰলৈ আহে ৰুছলান আৰু প্ৰেয়সী। সেই সময়ত আৰক্ষীৰ জেকেট পৰিহিত আছিল ৰুছলান। ধৰ্মীয় আৱেগত আঘাত কৰা অপৰাধত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। পাছত ৰুছলান-চিষ্টোভাক ১০ মাহৰ কাৰাবাসৰ শাস্তি বিহা হয়। শাস্তিৰ সময় শেষ হ’লেই তাজিকিস্তানলৈ নিৰ্বাসন কৰা হ’ব ৰুছলানক।

উল্লেখ্য যে, ব্লগাৰ ৰুছলানৰ ১৯ বছৰীয়া প্ৰেয়সী চিষ্টোভা এগৰাকী ইনষ্টাগ্ৰাম মডেল। শাস্তি ঘোষণা হোৱাৰ পূৰ্বে চিষ্টোভাই ইনষ্টাগ্ৰামত এক পোষ্টযোগে ক্ষমা বিচাৰি কৈছিল যে ভিডিঅ’টো মানুহে অপছন্দ কৰিব আৰু ভাৱনাত আঘাত হানিব বুলি হেনো ভবাই নাছিল।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular