spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকনাও বুৰাৰ ভয় লৈ কিদৰে আহ-যাহ কৰোঁ? এজন মাজুলীয়ালৰ স্বীকাৰোক্তি

নাও বুৰাৰ ভয় লৈ কিদৰে আহ-যাহ কৰোঁ? এজন মাজুলীয়ালৰ স্বীকাৰোক্তি

লিখিছে কবি, অধ্যাপক ৰাজীৱ বৰাই : এটা অভিশপ্ত ৰাতিৰ উজাগৰ উৎকণ্ঠা লৈ ৰাতিটো পুৱাল৷ জানো কাৰোবাৰ জীৱনত এই ৰাতিটো কোনো দিনে নুপুৱাব৷ এই অভিশপ্ত ৰাতিটো মোৰো জীৱনৰ শেষ ৰাতি হোৱাৰো সম্ভাৱনা আছিল৷ কাৰণ চাকৰি সূত্ৰে বাহিৰত থিতাপি ল’লেও আমি মাজুলীয়াল৷ বিপদশংকুল ফেৰী যাত্ৰা আমাৰ বহুতৰ দৈনন্দিন৷ মাজুলীৰ সৌন্দৰ্য চাবলৈ গৈ মোহ যোৱা এদিন-দুদিনৰ পৰ্যটক মানসিকতাই অন্তঃকৰণেৰে এয়া অনুধাৱন কৰাটো সম্ভৱ নহয়৷


ব্যক্তিগত অভিজ্ঞতাৰ খেও ধৰি ক’বলৈ হ’লে ১৯৮০ চনৰ পৰা যোৱা প্ৰায় দুকুৰি বছৰতকৈয়ো অধিক কাল মাজুলীৰ পৰা নিমাতী হৈ বাহিৰৰ জগতলৈ মাকো মাৰিছোঁ৷ নৈতে গজা পোৱালি যদিও প্ৰতিটো যাত্ৰাতে ভয় লাগে— নাওখন বুৰাৰ ভয়৷ কাৰোবাক ক’লেও কয়— ইমানদিনে বুৰিছেনে? নাই বুৰা৷ যদি বুৰে!মনত শংকা লাগিয়েই থাকে৷ কাৰণ নাওবোৰত যিমান মানুহ ধৰে তাৰ প্ৰায় দুগুণ মানুহ উঠে৷ সৰকিবলৈ বাট নথকাকৈ গাড়ীকেইখন হেঁচি-ঠেলি তোলে৷ নাৱত জীৱন ৰক্ষাৰ জেকেটো নেথাকে৷ ইঞ্জিনো এটা৷ সেইটো নৈৰ মাজত বেয়া হ’লে উটি যোৱাৰ বাহিৰে গত্যন্তৰ নেথাকে৷ এনে অৱস্থাত সাঁতুৰিব জনা হ’লেও কিয় ভয় নেলাগিব? তাতে যদি ভয়ংকৰ বিপৰ্যয়ত পৰাৰ আগতীয়া অভিজ্ঞতা থাকে!সেয়ে এনে ঘটনা ঘটাৰ শংকা প্ৰতিটো যাত্ৰাতে মনত লাগি থাকে৷ ‘টাইটানিক’ চোৱাৰ পাছৰ পৰা আৰু ভয় লাগে৷ বিশেষকৈ বাৰিষা— নৈখন যেতিয়া নৈ হৈ নেথাকে, সাগৰ হৈ পৰে৷


এবাৰ ভৰ বাৰিষা নিমাতীলৈ বুলি আহোঁতে নাৱে সোঁতত উজাব নোৱাৰি ভৰা ব্ৰহ্মপুত্ৰত বাট হেৰুৱাইছিল৷ সেই অভিজ্ঞতাৰ কথা ‘যি বাটে নহ’ল যোৱা’ নামৰ মোৰ গ্ৰন্থখনত বিতংকৈ লিখিছোঁ৷ এবাৰতো নিজে চলাই গাড়ীখন নাৱৰ পৰা পাৰলৈ তোলোতে নাৱৰ কৰ্মীয়ে গুৰুত্ব নিদিয়াৰ বাবে তক্তাৰ পৰা পাছৰ চকা এটা পিচলি গৈ গাড়ীখন নৈত বাগৰি পৰাৰ উপক্ৰম হৈছিল৷ সেইদিনা কেনেকৈ বাচিলোঁ ভাবি এতিয়াও বুকুখন কঁপি থাকে৷ পাৰত ৰৈ ঘটনাটো চাই থকা মোৰ মানুহগৰাকী আৰু ছোৱালী দুজনীৰ চকুৰ ভয় আজিও পাহিৰব পৰা নাই৷ তথাপি মাজুলীলৈ যাব লাগে৷ শিপাডাল তাতে আছে৷ আছে আত্মীয়-স্বজন৷ ভালেদিন নেযাওঁ বুলিলেও আমাৰ চলে৷ পিছে তাত বাস কৰা চাবেক মানুহখিনিয়ে মৰণত-শৰণ দি ইপাৰলৈ মাকো মাৰিব লাগে৷ গত্যন্তৰ নাই৷ সঁচাকৈয়ে নাইনে? আছে৷ দলং এখনৰ বাবে আবেদন-নিবেদন কৰি মানুহবোৰ ভাগৰি পৰিছে৷ আশ্বাস আহে৷ চেচনি চলে৷ দলং ‘লাগে-নেলাগে’ৰ দুটা ফৈদ হয়৷ তাৰ পাছত দলঙৰ কাম-কাজ চলে৷ পিছে এই চলি থকাটোৰো অন্তৰালত অনন্ত সময়ৰ বাট এটা মুকলি হৈ থকাৰ শংকা থাকে৷ কিয়নো মাজুলী হেনো বহুতৰ বাবে পামেই নহয়, সেই পামত পোহা খিৰতী গাই৷ সেয়ে আৰু বহু মানুহ আওমৰণত মৰাতকৈ দলঙৰ কাম খৰতকীয়া হ’ব লাগে৷


এইবোৰ সাধাৰণ মানুহৰ চিন্তা৷ যিসকলৰ হাতত এনে চিন্তাক সাকাৰ ৰূপ দিয়াৰ চাবি-কাঠি থাকে তেওঁলোকৰ মুখলৈ চাই থকাৰ বাহিৰে সাধাৰণ মানুহে কি কৰিব পাৰে! এই ঘটনাটোৱে বহুতৰ চকু মুকলি কৰিছে৷ কালিৰ পৰা অহৰহ য’তে ত’তে ঘটনাটো বাজিছে৷ কাইলৈ হয়তো আৰু বহু কথা কাকত-পত্ৰ, মিডিয়াত উফৰি ফুৰিব৷ তাত কি হ’ল? কিয় হ’ল আদি অনুসন্ধান চলিব৷ কিন্তু সকলো যাতনাৰো চাগৈ ম্যাদ থাকে৷ এই বিপৰ্যয়ো মানুহে পাহৰিব৷ আকৌ গুটীয়া নাৱত পান জপা দি মানুহবোৰ উঠিব৷ চুলিৰ আগত জীৱ বান্ধি গুটীয়া নাৱত পাৰ হোৱা মানুহবোৰক পাৰত ফুলদানিৰ দৰে সজায় থোৱা, ৰ’ৰ’, ৰ’পেক্স ফেৰী বা অত্যাধুনিক জাহাজবোৰে চাই থাকিব৷
সেইবোৰ থকাৰ পিছতো কিয় গুটীয়া নাওবোৰ চলাই থকা হয় সেইটো এটা ডাঙৰ প্ৰশ্ন৷ সেয়াও উঁৱলি যোৱা, তাপলি মৰা আৰু কেইবা দশকৰো বৃদ্ধ ইঞ্জিনৰ নাও৷ আৰু এটা নৌকা-ট্ৰেজদী হোৱাৰ আগেয়ে দলংখন সম্পূৰ্ণ কৰাৰ ব্যৱস্থা হওক, তাকে কামনা কৰিছোঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
27 °
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular