spot_img
35 C
Guwahati
Monday, September 27, 2021
Homeক্ৰীড়া‘ষ্টাৰ গেজেট: দ্য প্লেয়াৰ্ছ ইন মাই লাইফ’ত, ধোনীৰ বিষয়ে কি ক’লে শাস্ত্ৰীয়ে?

‘ষ্টাৰ গেজেট: দ্য প্লেয়াৰ্ছ ইন মাই লাইফ’ত, ধোনীৰ বিষয়ে কি ক’লে শাস্ত্ৰীয়ে?

নতুন দিল্লীঃ মহেন্দ্ৰ সিং ধোনী। ভাৰতীয় ক্ৰিকেটক সমৃদ্ধ কৰা এটা নাম। এইগৰাকী মহাতাৰকাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ হৈছে চলচ্চিত্ৰৰ, সৃষ্টি হৈছে গীতৰ কলি আৰু যে কত কি! অনুৰাগীৰ অন্তৰৰ মণিকূটতো অদ্বিতীয় স্থান দখল কৰিছে ‘মাহী’য়ে। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে ধোনীৰ প্ৰসংগ। অষ্ট্ৰেলিয়া ভ্ৰমণৰ মাজভাগত তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে হঠাতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল। ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ অৱসৰক কেন্দ্ৰ কৰি এতিয়াও মনৰ কোঠালি বিষাদেৰে ভৰি পৰে ক্ৰীড়া অনুৰাগীৰ।

৯০খন টেষ্টত ৩৮.১০ গড়ে ৪৮৭৬ ৰাণ সংগ্ৰহেৰে দীঘলীয়া ফৰ্মেটৰ পৰা বিদায় লৈছিল ভাৰতীয় ক্ৰিটকেটক বৰ্ণময় মুহূৰ্তৰ স্বাদ দিয়া এইগৰাকী তাৰকাই। ২০০৫ চনত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটিছিল যুগনায়ক মহেন্দ্ৰ সিং ধোনীৰ। ইয়াৰে এটা দশক পাছতে টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল তেওঁ। শেহতীয়াকৈ পুনৰ ধোনীৰ অৱসৰ প্ৰসংগই সংবাদ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। ধোনীৰ প্ৰসংগক আওতালৈ আনিছে ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। ধোনীৰ আকস্মিক অৱসৰৰ বিষয়ে ইতিমধ্যে অৱগত থকাৰ পাছতো যথাসময়ত ধোনীৰ অৱসৰ সন্দৰ্ভত সহমত পোষণ নকৰিলেও শেহতীয়াকৈ ধোনীৰ সিদ্ধান্তক মান্যতা দিছে ৰবি শাস্ত্ৰীয়ে।


ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে অলপতে তেওঁৰ ‘ষ্টাৰ গেজেট: দ্য প্লেয়াৰ্ছ ইন মাই লাইফ’ নামৰ কিতাপখনত ধোনী প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। তেওঁ লিখিছে, ‘সেই সময়ত এমএছ ধোনী বিশ্বৰ ভিতৰতে ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ক্ৰিকেটাৰ আছিল। ৩টা আইচিচি খিতাপৰ সৈতে এক উজ্জ্বল নক্ষত্ৰ ধোনী। ১০০খন টেষ্ট মেচৰ পৰা মাত্ৰ ১০খন মেচ দূৰত আছিল তেওঁ। এমএছ ধোনী দলৰ শীৰ্ষ ৩জন ফিট খেলুৱৈৰ ভিতৰত অন্যতম এগৰাকী আছিল। ইচ্ছা কৰিলে তেওঁ নিজৰ কেৰিয়াৰৰ পৰিসংখ্যা উন্নত কৰিব পাৰিলেহেঁতেন। সেই সময়ত তেওঁৰ সিদ্ধান্তক অযুক্তিকৰ যেন লাগিছিল।’ আনকি ভাৰতীয় দলৰ সঞ্চালক হিচাপে ৰবি শাস্ত্ৰীয়ে ধোনীৰ অৱসৰ ৰখাবলৈ যথাসাধ্য চেষ্টা কৰাৰ লগতে ধোনী অলৰ-অচৰ সিদ্ধান্তৰ বাবে ব্যৰ্থ হোৱা বুলিও কিতাপখনত প্ৰকাশ পাইছে।


শাস্ত্ৰীয়ে লিখিছে, ‘বহুতো ক্ৰিকেটাৰে কয় যে, ক্ৰিকেটৰ ব্যক্তিগত উদাহৰণে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। কিন্তু কিছুমান বস্তুৱে তেওঁলোকক স্পৰ্শ কৰে। মই বাৰে বাৰে ধোনীৰ মন ভাঙিবলৈ চেষ্টা কৰিছিলো। কিন্তু তেওঁৰ কণ্ঠস্বৰ ইমানেই কঠোৰ আছিল যে মই আগবাঢ়িব নোৱাৰিলোঁ। মই ভাবো তেওঁৰ সিদ্ধান্ত নিখুঁত, সাহসী আৰু নিস্বাৰ্থ আছিল। ক্ৰিকেটজগতৰ আটাইতকৈ সন্মানীয় তথা প্ৰভাৱশালী স্থান এৰি দিয়াৰ সিদ্ধান্ত লোৱাটো একেবাৰে সহজ কথা নহয়।’


শচীন আৰু কপিল দেৱৰ লগতে ধোনী ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ প্ৰভাৱশালী ক্ৰিকেটাৰসকলৰ মাজৰ এজন আৰু ক্ৰিকেটাৰ হিচাপে ধোনীৰ প্ৰভাৱ যথেষ্ট বেছি বুলিও শাস্ত্ৰীয়ে উল্লেখ কৰিছে। ২০১৪ চনত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত মেলবৰ্ণ টেষ্ট ড্ৰ’ হোৱাৰ পাছত ধোনীয়ে হঠাতে বিশ্ব ক্ৰিকেটৰ পাছত অৱসৰ ঘোষণা কৰিছিল। ধোনীক ভাৰতৰ সৰ্বকালৰ আটাইতকৈ সফল অধিনায়ক হিচাপে গণ্য কৰা হয়। উইকেটকিপাৰ হিচাপেও ৮০০ আউটৰ অভিনৱ কৃতিত্ব অৰ্জন কৰিছে তাৰকা ক্ৰিকেটাৰজনে। টেষ্টৰ পৰা অৱসৰ লোৱাৰ পাছতো কিন্তু ২০১৯ৰ বিশ্বকাপলৈকে সীমিত অভাৰৰ ক্ৰিকেট খেলি গৈছিল তেওঁ। বিগত বৰ্ষৰ ১৫ আগষ্টত ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাভূত হোৱাৰ পাছত ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰৰ ঘোষণা কৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
2.1kmh
40 %
Mon
35 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular