ৰোহিত শৰ্মা চোৰ! বিশ্বকাপত ছেকেণ্ডাৰী ফেক্টৰ হৈ ৰ’ব নেকি হিটমেন?

0
12944
ৰোহিত
ৰোহিত শৰ্মা চোৰ! বিশ্বকাপত ছেকেণ্ডাৰী ফেক্টৰ হৈ ৰ’ব নেকি হিটমেন?

নতুন দিল্লী : বিগত সোমবাৰে টি-২০ বিশ্বকাপৰ প্ৰথম প্ৰস্তুতি খেলত ৭উইকেটত ইংৰাজ বাহিনীক পৰাস্ত কৰিছে বিৰাট ব্ৰিগেডে| অনুশীলন খেলত ভাৰতীয় বেটছমেনৰ চমক দেখি উৎফুল্লিত ক্ৰীড়াঅনুৰাগী| উক্ত খেলখনত স্থান পোৱা নাছিল বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই| টি-২০ বিশ্বকাপৰ মঞ্চত ৰোহিত শৰ্মাৰ যাদুকৰী বেটিং প্ৰদৰ্শন এতিয়াও দেখিবলৈ পোৱা নাই| ইয়াৰে মাজতে ৰোহিতৰ বিৰুদ্ধে চোৰ অভিযোগ উত্থাপিত হৈছে| ৰোহিতৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ডেভিড ৱাৰ্নাৰে| শেহতীয়াকৈ, ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ ৰোহিতে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে| এই ভিডিঅ’টোৱেই লগালে কেনা| ভিডিঅ’ত ৰোহিতে বিশ্বকাপৰ বাবে ভাৰতে পৰিধান কৰিবলগীয়া নতুন জাৰ্ছীযোৰ অনুৰাগীক দেখুৱাইছে| সেই ভিডিঅ’টো প’ষ্ট কৰাৰ পাছতে বিতৰ্কিত মন্তব্য ৱাৰ্নাৰৰ|

ভিডিঅ’টোত ৰোহিত শৰ্মাই প্ৰথমে টীম ইণ্ডিয়াৰ জাৰ্ছী দেখুৱাইছে। তাৰ পাছত তেওঁ জাৰ্ছীটো তেওঁৰ বিচনাত ৰাখিলে। কিছুসময়ৰ পাছত ৰোহিতে জাৰ্ছীৰ ওপৰত জঁপিয়াই পৰিছিল। যদিও এইটো সম্পূৰ্ণৰূপে সম্পাদিত হৈছিল। ইফালে, ৰোহিতে ভিডিঅ’টোৰ শিৰোনাম দিছিল ‘মোৰ নীলা জাৰ্ছীত জঁপিয়াই পৰিলো।’ ইয়াৰ প্ৰত্যুত্তৰত ডেভিদ ৱাৰ্ণাৰে কয় যে, ‘আপুনি মোৰ টিকটক ষ্টাইল চোৰ কৰিছে।’

অৱশ্যে, ৱাৰ্নাৰৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৰোহিত শৰ্মাই| ইফালে, অনুৰাগীয়ে মূল একাদশত বিচাৰিছে ৰোহিতক| যাদুকৰী ইনিংছৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰীড়ানুৰাগীয়ে| যিহেতু ৰাহুল আৰু ঈশান কিষণে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে তেনেস্থলত ৰোহিত ছেকেণ্ডাৰী ফেক্টৰে হৈ ৰ’ব নেকি? তাকে লৈ চৰ্চিত ক্ৰিকেট এৰিণা….