spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকসাত বছৰৰ কাৰাবাসৰ শাস্তি ভুগিব ৰাজকন্যাই! কি ধাৰাত ৰুজু হ’ল নতুন গোচৰ?

সাত বছৰৰ কাৰাবাসৰ শাস্তি ভুগিব ৰাজকন্যাই! কি ধাৰাত ৰুজু হ’ল নতুন গোচৰ?

ডিজিটেল ডেস্ক : বাৰে বাৰে সংঘটিত কৰে অপৰাধ। বাৰে বাৰে উদ্ভণ্ডালিৰে বিপদত পেলায় আন লোকক। বাৰে বাৰে গোচৰ ৰুজু হয় তেওঁৰ বিৰুদ্ধে। কিন্তু অৱশেষত সাৰি যায় অনায়াসে। এইবাৰো পুনৰাবৃত্তি ঘটিছিল সেই ঘটনাৰ। পিছে সংবাদ মাধ্যমৰ সতৰ্ক ভূমিকা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ বাবে এইবাৰ সাৰি যাব নোৱাৰিলে ৰাজকন্যা বৰুৱা। জিএনআৰচি হাস্পতালৰ বিছনাৰ পৰা গ্ৰেপ্তাৰ কৰি দিছপুৰ থানাৰ আলহী কৰা হ’ল বিতৰ্কিত মডেল ৰাজকন্যাক।

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ বাবে এইবাৰ সাৰি যাব নোৱাৰিলে ৰাজকন্যা বৰুৱা

ৰাজকন্যাৰ অপৰাধ কি সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনা নাই। শুকুৰবাৰে মাজনিশা সান্ধ্য আইন ভংগ কৰি তীব্ৰ বেগত গাড়ী চলাই ৰাজকন্যাই অমানিশা নমাইছিল নজন লোকৰ জীৱনলৈ। কিন্তু তাৰ পাছতো অদৃশ্য প্ৰভাৱেৰে ২৪ঘণ্টাৰ ভিতৰতে মুকলি হৈছিল ৰাজকন্যা বৰুৱা। পিছে তেওঁৰ কাৰচাজিয়ে কাম নিদিলে। আৰক্ষীয়ে কৌশলেৰে তেওঁক মুকলি হোৱাৰ বাট কাটি দিছিল যদিও এইবাৰ পুনৰ আইনী মেৰপেচৰ মাজলৈ অনা হৈছে ৰাজকন্যাক।
ৰাজকন্যা বৰুৱাৰ গোচৰত নতুনকৈ সংযোজন হৈছে ৩০৮নং ধাৰা৷ ৩০৮নং ধাৰাত অভিযোগ প্ৰমাণিত হ’লে ৭ বছৰ পৰ্যন্ত শাস্তিৰ সন্মুখীন হ’ব পাৰে ৰাজকন্যা৷ ৩০৮নং ধাৰা সংযোজিত হয় কোনো লোকে ইচ্ছাকৃতভাৱে গণহত্যাৰ চেষ্টা চলালে।

আৰক্ষীয়ে কৌশলেৰে তেওঁক মুকলি হোৱাৰ বাট কাটি দিছিল যদিও এইবাৰ পুনৰ আইনী মেৰপেচৰ মাজলৈ অনা হৈছে ৰাজকন্যাক।

৩০৪, ৩০৮, ৩২৬ ধাৰা সন্নিৱিষ্ট কৰা হৈছে ৰাজকন্যাৰ বিৰুদ্ধে থকা গোচৰত৷ ইয়াৰ উপৰি জিএনআৰচি কৰ্তৃপক্ষ তথা চিকিৎসকৰ বিৰুদ্ধেও ১৯৩আৰু ১৯৭ ধাৰাত গোচৰ ৰুজুৰ সম্ভাৱনা আছে৷ ইফালে, ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষীৰ লোক এতিয়াও তদন্তৰ আঁওতাত অহা নাই৷ অতি সোনকালে তেওঁলোককো তদন্তৰ আওতালৈ অনাৰ দাবী তুলিছে অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে৷

ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষীৰ লোক এতিয়াও তদন্তৰ আঁওতাত অহা নাই৷ অতি সোনকালে তেওঁলোককো তদন্তৰ আওতালৈ অনাৰ দাবী তুলিছে অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে…

তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এতিয়া আৰক্ষীৰ দায়িত্ব হ’ব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু আন আইনী দিশবোৰ আদালতত সঠিকভাৱে উপস্থাপন কৰা৷ আৰক্ষীয়ে হেমাহি কৰিলে সাৰি যাব পাৰে অভিযুক্ত৷ পূৰ্বে কৰা ঘটনাত বিহিত ব্যৱস্থা লোৱা হ’লে এতিয়া এই ঘটনা নহ’লহেঁতেন বুলি অধিবক্তাগৰাকীয়ে মত পোষণ কৰে৷ উল্লেখ্য যে, দিছপুৰ আৰক্ষীৰ জিম্মাত আছে ৰাজকন্যা বৰুৱা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular