spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিক'কা' আন্দোলন অপ্ৰাসংগিক; ক'লে বিদ্যাসাগৰে

‘কা’ আন্দোলন অপ্ৰাসংগিক; ক’লে বিদ্যাসাগৰে

ডিজিটেল ডেস্কঃ ”নাগৰিকত্ব সংশোধনী আইন এতিয়া আৰু প্ৰাসংগিক নহয়। শিল্পী বা কলা-কুশলীৰো আৱেগ অনুভূতি আছে বাবে ‘কা’ আন্দোলনত জঁপিয়াই পৰিছিল। কিন্তু ‘কা’ আন্দোলনৰ নেতৃত্ব শিল্পীসকলে দিয়া নাছিল। ‘কা’ আন্দোলন অপ্ৰাসংগিক”এই মন্তব্য কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ নৱ নিযুক্ত অধ্যক্ষ বিদ্যা সাগৰৰ। বাইহাটা চাৰিআলিৰ পানীটেমা ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ নিশা গীত পৰিৱেশনৰ আগমুহুৰ্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিদ্যাসাগৰে।

যি সকলে ‘কা’ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেই সকলে ‘কা’ আন্দোলনক কি কৰিলে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ কথাও উল্লেখ কৰে বিদ্যাসাগৰে। আনহাতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পদত নিযুক্তি দিয়াত নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ কথাও তেওঁ উল্লেখ কৰে। এতিয়া যথেষ্ট দায়িত্ব বাঢ়িল বুলিও কয় জ্যোতি চিত্ৰবনৰ নৱ নিযুক্ত অধ্যক্ষ বিদ্যাসাগৰে। উল্লেখ্য যে প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মঙলবাৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে বিদ্যাসাগৰে।

আৰু পঢ়কঃ লাচিতৰ মৈদামত অসমীয়াৰ চকুপানী

শুভ লগ্ন অনুযায়ী মাংগলিক ৰীতি নীতিৰে দিনৰ মঙলবাৰে ১১.১৫ বজাত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে কণ্ঠশিল্পীগৰাকীয়ে। জ্যোতি চিত্ৰবনৰ ২৫ সংখ্যক অধ্যক্ষ বিদ্যাসাগৰ।দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যাসাগৰে। জ্যোতি চিত্ৰবনক লৈ বিদ্যাসাগৰৰ আছে বহুতো পৰিকল্পনা। সেই পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়িত হ’ব নে নাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষ্যণীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular