‘এছএমএ’ যোদ্ধা সৃষ্টিৰাণীৰ বাবে ক’ল ইণ্ডিয়াৰ ১৬ কোটি; শৰ্মিষ্ঠা প্ৰীতমক সহায় কৰিব কোনে?

0
6735
সৃষ্টিৰাণীৰ
‘এছএমএ’ যোদ্ধা সৃষ্টিৰাণীৰ বাবে ক’ল ইণ্ডিয়াৰ ১৬ কোটি; শৰ্মিষ্ঠা প্ৰীতমক সহায় কৰিব কোনে?

খনিজ কোম্পানী ক’ল ইণ্ডিয়াৰ মহানুভৱতা এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে। ক’ল ইণ্ডিয়াৰ সতীশ কুমাৰ ৰবি নামৰ কৰ্মচাৰীজনৰ ২ বছৰীয়া কন্যা সৃষ্টিৰাণীৰ চিকিৎসাৰ বাবে ১৬ কোটি টকাৰ চেক প্ৰদান কৰিছে কোম্পানীটোৱে। সতীশ কুমাৰ ৰবিয়ে ছত্তীশগড়ৰ কোৰবা জিলাৰ পিকা খনি অঞ্চলত কাম কৰি আছে। সতীশৰ কন্যা সৃষ্টিৰাণী SMA ৰোগত আক্ৰান্ত। SMA এক বিৰল তথা জটিল স্নায়ুজনিত ৰোগ। এই ৰোগত ভোগা সকলেহে জানে কিমান যন্ত্ৰণাদায়ক এই পীড়া।

কণমানি সৃষ্টিৰাণীক সেই যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ আগবাঢ়ি আহিল ক’ল ইণ্ডিয়া। SMA ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ ‘Zolgensma’ নামৰ এটি বেজী প্ৰদান কৰিব লগা হয়। যি বেজীৰ মূল্য ১৬ কোটি টকা। ইমান বিশাল ধনৰাশি সাধাৰণ নাগৰিকৰ বাবে যোগাৰ কৰাটো কল্পনাৰো অগোচৰ। সেয়েহে সহায়ৰ হাত আগবঢ়াই ক’ল ইণ্ডিয়াই দেখুৱালে মানৱতাৰ অনন্য নিদৰ্শন। কণমানি SMA যোদ্ধা সৃষ্টিৰাণীৰ চিকিৎসাৰ বাবে ১৬ কোটি টকা প্ৰদান কৰি মানৱীয় চেতনা আৰু নিজৰ কৰ্মচাৰীৰ প্ৰতি থকা দায়বদ্ধতাৰ উজ্জল নিদৰ্শন দাঙি ধৰা বাবে দেশজুৰি প্ৰশংসিত হৈছে কোম্পানীটো।

এতিয়া আহো অসমৰ প্ৰসংগলৈ। অসমতো আছে কেইবাজনো SMA ৰোগী। এই ৰোগত আক্ৰান্ত নৱ প্ৰজন্মৰ জনপ্ৰিয় তথা প্ৰতিষ্ঠিত লেখিকা শৰ্মিষ্ঠা প্ৰীতম। শৰ্মিষ্ঠা প্ৰীতম শৈশৱৰে পৰা সেই জটিল ৰোগত আক্ৰান্ত হৈয়ো সাহিত্যৰ পথাৰত সিঁচি গৈছে অলেখ সেউজীয়া। তেওঁৰ প্ৰতিখন কিতাপকেই পাঠক সমাজে আদৰি লৈছে। আগতে SMAৰ কোনো ঔষধ নাছিল। কিন্তু দেশত এতিয়া এই ৰোগৰ ঔষধ উপলব্ধ হ’ল। এই ৰোগৰ চিকিৎসা বা ঔষধ ক্ৰয় কৰাটো যথেষ্ট ব্যয়বহুল। শৰ্মিষ্ঠা প্ৰীতমৰ চিকিৎসাৰ বাবে সহায় কৰিবলৈ অসম চৰকাৰৰ ওচৰত নিৰন্তৰ আহ্বান জনাই আহিছে লেখিকাৰ লগতে তেওঁৰ অনুৰাগীসকলে। কিন্তু কাৰ্যত একো হৈ উঠা নাই।

শৰ্মিষ্ঠা প্ৰীতমৰ দৰে প্ৰতিভাৱান লেখিকাগৰাকীৰ আৰোগ্যৰ ক্ষেত্ৰত চৰকাৰে যেন কোনো সদিচ্চা প্ৰকাশ কৰা নাই সেয়া অনুভৱ কৰিছে প্ৰতিজন লোকেই। ঔষধ ওলোৱাৰ পাছতো এই জটিল ব্যাধিৰ অসহনীয় পীড়াৰপৰা ৰক্ষা কৰিবলৈ শৰ্মিষ্ঠা প্ৰীতম বা তেওঁৰ দৰে অনেক SMA যোদ্ধাৰ প্ৰতি যদি স্বাস্থ্যবিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেন্তে সেয়া চৰকাৰৰ চৰম ব্যৰ্থতা বুলি গণ্য কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাথাকিব। গতিকে অসম চৰকাৰে শৰ্মিষ্ঠা প্ৰীতমক সহায় কৰাটো সময়ৰ আহ্বান বুলি বিবেচিত হৈছে। অন্য কোনো হৃদয়ৱান মানুহে যদি শৰ্মিষ্ঠা প্ৰীতমৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিব বিচাৰে তেন্তে কৰিব পাৰিব। আপোনাৰ সহায়ৰ হাতে হুইল চেয়াৰৰ পৰা শৰ্মিষ্ঠা প্ৰীতমৰ দুভৰিৰ খোজ মাটিত পৰাত সামৰ্থ প্ৰদান কৰিব। প্ৰচুৰ জীৱনীশক্তি তথা মননশীল সৃষ্টিৰাজিৰে ইখনৰ পিছত আনখন উপন্যাস ৰচনা কৰি জীৱনৰ জয়গান গোৱা শৰ্মিষ্ঠা প্ৰীতমে এই জটিল ৰোগকো জয় কৰিব বুলি আমি আশাবাদী।

Sarmistha Pritam Baruah,
A/C No: 40400130731
IFSC Code: SBIN0002103
State Bank of India,
Raha Branch, Nagaon