Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকনতুন ক'ভিড নিৰ্দেশনা : এসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন ৪খন জিলাত !

নতুন ক’ভিড নিৰ্দেশনা : এসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন ৪খন জিলাত !

গুৱাহাটী : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদমেলযোগে ঘোষণা কৰে নতুন ক’ভিড নিৰ্দেশনা৷ শুকুৰবাৰে ৪ বজাৰ পৰা ৫ বজালৈ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত স্বাস্থ্য বিভাগৰ লগতে কেইবাটাও বিভাগৰ সৈতে হোৱা বৈঠকত ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি কিছু নতুন নীতি-নিৰ্দেশনা প্ৰস্তুত কৰে।

অহা সোমবাৰৰ পৰা প্ৰযোজ্য হ’বলগীয়া এই নিৰ্দেশনা অনুসৰি ৪ খন জিলাত বিগত সাতদিনত অসমৰ সকলো অঞ্চলত পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ কৰিছে নিৰ্দেশনা৷ ২৪৭ টা অঞ্চলত সংক্ৰমণ বৃদ্ধি হৈছে।জিলাভিত্তিক পৰ্যালোচনা কৰা হৈছে৷ বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা জিলা সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন ঘোষণা৷ গোলাঘাট জিলাৰ বোকাখাত মহকুমাত সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন।

সেই অঞ্চলসমূহত অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব৷ গেলামালৰ দোকান সন্ধিয়া ৫ বজালৈ খোলা থাকিব। শাক-পাচলিৰ দোকান বহিব পাৰিব দোকানৰ সন্মুখত৷ ইপিনে গুৱাহাটীৰ ক্ষেত্ৰত সান্ধ্য আইন সন্ধিয়া ৪বজাৰ পৰা আৰম্ভ হ’ব৷ ৩ বজালৈকে দোকান-পোহাৰ খোলা ৰাখিব পাৰিব৷ হাইলাকান্দি জিলাত ৪ বজালৈ খোলা থাকিব আৰু বাকীখিনি জিলাকেইখনত ১২ বজালৈ খোলা থাকিব৷ অৱশ্যে আন্তঃজিলা যোগাযোগ বন্ধ থাকিব এসপ্তাহলৈকে৷

আনহাতে, মেগা ভেকচিনেচন বিগত তিনিটা দিনত ৯ লাখ ৮৪ হেজাৰ জন ব্যক্তিক প্ৰদান কৰা হৈছে৷ প্ৰতিদিনে ডেৰ লাখ ভোকচিন পাই আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা৷ যিসকলে এটাকৈ ভেকচিন লৈছে তেওঁলোক কাৰ্যালযয়লৈ আহিব লাগিব৷ অৱশ্যে ৫ বছৰৰ তলৰ সন্তান থকা আৰু গৰ্ভৱতী মহিলাই ঘৰৰ পৰা কাম কৰিব লাগিব৷ প্ৰথম শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ভেকচিন ল’বলৈ আহ্বান জনাইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular