spot_img
16 C
Guwahati
16 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকক'ভিড বিধি অৱলম্বন কৰি দহ লক্ষাধিক ভকতক আদৰিবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘ

ক’ভিড বিধি অৱলম্বন কৰি দহ লক্ষাধিক ভকতক আদৰিবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘ

ডিজিটেল ডেস্কঃ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত ক’ভিড ৰ গণসংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। শংকিত হৈছে ৰাজ্যৰ সাধাৰণ জনতা। তাৰ লগতে দহ লক্ষাধিক ভকতক আদৰিবলৈ সাজু হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি। ফেব্ৰুৱাৰী মাহৰ ৪,৫ আৰু ৬ তাৰিখে নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্নীবৰ নীলমনি ফুকন সমন্বয় ক্ষেত্রত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন।

সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, ১২৫০ বিঘা মাটিত নিৰ্মিত অধিৱেশনৰ পেণ্ডেলৰ কাম ইতিমধ্যে ৭০ শতাংশ সম্পন্ন হৈছে আৰু অধিৱেশনৰ ধন সংগ্রহৰ ৫০ শতাংশ কামো সম্পন্ন হৈছে। ভোজনালয়, ভকত-বৈষ্ণৱৰ জিৰণিকক্ষ,মুখ্য প্ৰৱেশদ্বাৰ, অনাময় আদিৰ পূর্ণগতিত চলিছে যাৱতীয় কাম-কাজ। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ অধিৱেশন হিচাপে খ্যাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত এইবাৰো ক’ভিডবিধি অৱলম্বন কৰি দহ লক্ষাধিক ভকতক আদৰিবলৈ সাজু বুলি মন্তব্য কৰে সংঘৰ পদাধিকাৰ গৰাকীয়ে। উল্লেখ্য যে এই অধিৱেশনক বহুতে গুৰু-শিষ্যৰ মনি-কাঞ্চন সংযোগ বুলি অভিহিত কৰে৷ কাৰণ অধিৱেশনত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগ কৰে আৰু শ্ৰমদান দিয়ে বুলি অৱগত কৰায় সংঘৰ সম্পাদক বাবুল বৰাই।


উল্লেখ্য যে, এই অধিৱেশনত অংশগ্রহণ কৰিব দেশৰ উপ-ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, লেখিকা অৰুন্ধতী ৰয়, অনুৰাধা শৰ্মা পূজাৰী আদি কৰি বহু গণ্য-মান্য ব্যক্তি। সেয়েহে নাহৰকটীয়াৰ ৰাঙলী পথাৰত এতিয়া এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কিন্তু মহামাৰী ক’ভিডে কি ৰূপ ধাৰণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular