ডিজিটেল ডেস্ক : উৎসৱৰ বতৰত বর্ধিত চাহিদা আৰু ইয়াৰ বিপৰীতে ব্যাপক নাটনিৰ পৰিপ্ৰেক্ষিতত দেশত মাত্ৰ ছদিনৰ ভিতৰতে চেনিৰ দাম ১৭% বৃদ্ধি পাইছে। দুর্গা পূজা আৰু দীপাৱলীৰ পূৰ্বে হোৱা এই দাম বৃদ্ধিয়ে সাধাৰণ জনতাৰ ঘৰুৱা বাজেটত গুৰুতৰ প্ৰভাৱ পেলাইছে। যোৱা ছয় দিনত দেশৰ বিভিন্ন প্ৰান্তত চেনিৰ দাম ১৩% পৰা ১৭% পর্যন্ত বৃদ্ধি পাইছে।
উত্তৰ প্ৰদেশত চেনিৰ মিলতে দাম প্রতি কুইণ্টলত ৪৬০০ টকাৰ পৰা ৫২০০ টকা পর্যন্ত বৃদ্ধি পাইছে। আনহাতে, মহাৰাষ্ট্ৰৰ মিলত চেনিৰ দাম ১৭% বৃদ্ধি হৈ প্রতি কুইণ্টলত ৫৬০০ টকা হৈছে। পূজা আৰু দীপাৱলীৰ বাবে ঘৰুৱা ব্যৱহাৰকাৰী আৰু মিঠাই প্ৰস্তুতকৰ্তাসকলৰ মাজত চেনিৰ চাহিদা ব্যাপকভাৱে বাঢ়িছে।
ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত উৎপাদন কম হোৱাৰ বাবে বজাৰত চেনিৰ যোগান যথেষ্ট হ্রাস পাইছে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে বজাৰত অতিৰিক্ত ৩ লাখ টন চেনি মুকলি কৰি দিয়াৰ পাছতো এই নাটনি দূৰ হোৱা নাই।
উৎস: দৈনিক জনমভূমি