--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে মৃতকৰ প্ৰতিটো পৰিয়াললৈ চাৰি লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ দুই লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে।

ডিজিটেল ডেস্ক: বিহাৰৰ বৈশালীৰ ৰাঘোপুৰত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত গংগা নদীত সলিল সমাধি ঘটিল ১৩টিকৈ শিশুৰ। শ্ৰাদ্ধৰ ভোজলৈ গৈ এনেদৰে কৰুণ মৃত্যুক সাবটি ল’লে শিশুকেইটিয়ে। আটাইতকৈ হৃদয়বিদাৰক খবৰ এই যে মৃত ১৩টি শিশুৰ ভিতৰত আছিল একেটা পৰিয়ালৰেই সাতটা শিশু।‌


তথ্য অনুসৰি নদীৰ মাজভাগত হঠাৎ উলটি পৰিছিল নাওখন। পানীত পৰি ককবকাবলৈ ধৰিছিল শিশুকেইটাই। কিন্তু আন্ধাৰ নিশা, গংগাৰ বুকুত জীৱন ৰক্ষাৰ বাবে যুঁজ দিয়া কণমানিবোৰৰ কাষত তৎক্ষণাৎ উপস্থিত হ’ব পৰা নাছিল কোনেও।‌


অৱশেষত হাঁহি-ধেমালিৰে ঘৰৰ পৰা ওলাই যোৱা কণমানিকেইটাৰ বাবে বাট চাই থকা পিতৃ-মাতৃয়ে পালে ১৩টিকৈ নিথৰ দেহ। এই শোকাৱহ নাও দুৰ্ঘটনাই সমগ্ৰ বিহাৰতে শোকৰ ঢৌ তুলিছে। এটা-দুটা নহয়, প্ৰাণ হেৰুৱালে ১৩টি শিশুৱে। 


মঙলবাৰ, ১৩ অক্টোবৰৰ নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। শিশুকেইটাই ওচৰৰ গাঁওখনত শ্ৰাদ্ধৰ ভোজ খাবলৈ নাৱেৰে গৈ আছিল। ৰামপুৰ শ্যামচন্দ পঞ্চায়তৰ ভাগতান টোলাৰ মাতা মহাৰাণী স্থানৰ ওচৰত ভোজৰ আয়োজন কৰা হৈছিল ।‌


প্ৰকাশিত তথ্য অনুসৰি, প্ৰায় ১৫ৰ পৰা ২০টি শিশু নাৱত উঠিছিল। আন এক প্ৰতিবেদনত যাত্ৰীৰ সংখ্যা ২০ৰ পৰা ২৫গৰাকী বুলি উল্লেখ কৰা হৈছে। মাত্ৰ ছয়গৰাকী যাত্ৰী কঢ়িয়াব পৰা নাওখনত ইমানবোৰ লোক উঠা বাবে নাওখনে ভাৰসাম্য হেৰুওৱাৰ ফলত এই কৰুণ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।


উদ্ধাৰ অভিযানৰ পাছত চিকিৎসালয়ত ১৩ শিশুক মৃত ঘোষণা কৰা হ’ল। আনহাতে, আহত শিশুসকলক পাটনাৰ নালন্দা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ 


ছয়গৰাকী যাত্ৰীৰ বাবে নিৰ্ধাৰিত নাওত ইমানবোৰ লোক উঠিল কেনেকৈ? নিশাৰ ভাগত নাও চলাচলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা মানি চলা হৈছিলনে? দুৰ্ঘটনাৰ পাছত উত্থাপন হৈছে এনে বহু প্ৰশ্নৰ। 


ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে মৃতকৰ প্ৰতিটো পৰিয়াললৈ চাৰি লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ দুই লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে। কিন্তু সাহায্যই জানো মচি পেলাব পাৰিব পৰিয়ালসমূহত ৰৈ যোৱা এই অসহনীয় শূন্যতা? এই চূড়ান্তৰ গাফিলতিৰ তদন্ত কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে