spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
HomeUncategorizedজেহাদীৰে সম্পৰ্ক নিলম্বিত আৰক্ষী বিষয়া ৰৌণকৰ! ভ্ৰমণ কৰিছিল ইখনৰ পাছত সিখন ইছলামিক...

জেহাদীৰে সম্পৰ্ক নিলম্বিত আৰক্ষী বিষয়া ৰৌণকৰ! ভ্ৰমণ কৰিছিল ইখনৰ পাছত সিখন ইছলামিক দেশ

ডিজিটেল ডেস্ক : দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত আৰক্ষী বিষয়া আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য ৷ ৰৌণক আলীৰ বিদেশ ভ্ৰমণৰ তালিকা পৰীক্ষা কৰি হতচকিত হৈ পৰিছে তদন্তকাৰী। আলীয়ে ভ্ৰমণ কৰিছিল ইছলামিক জেহাদীৰ লিংক থকা ভালেমান দেশ ৷ ৰৌণক আলীৰ ভ্ৰমণৰ তালিকাত থকা দেশবোৰ হৈছে বাংলাদেশ, ইউএই আৰু ইণ্ডোনেছিয়া আদি ইছলামিক দেশ ৷

যাৰ বাবে এতিয়া তদন্তকাৰী বিষয়াই জেহাদীৰে ৰৌণকৰ সংম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ কিন্তু চতুৰ ৰৌণকে আৰক্ষীৰ আগত এতিয়াও এই সন্দৰ্ভত মুখ খোলা নাই৷ বেমাৰৰ ভাও ধৰি কোনো কথাৰ উত্তৰ নিদিয়াই আছে ৰৌণক আলী৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, জেৰা কৰিলেই বাৰম্বাৰ মূৰ ঘূৰাই থকা বুলি কৈ বহি থাকে ৰৌণক৷ ইপিনে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনে তদন্তকাৰী বিষয়াক জনোৱা নাই তেওঁৰ সম্পত্তিৰ তথ্যও৷

যাৰ বাবে তদন্ত আগবঢ়াব পৰা নাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে৷ ইপিন আৰক্ষীয়ে পুনৰ ৫দিনৰ জিম্মা বিচাৰিলেও আজি আদালতে ৰৌণকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিম্মাত নিদিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ জিম্মাত নিদিলে কাৰাগাৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অসম আৰক্ষীৰ বিশেষ শাখাক লগত লৈ ৰৌণকক জেৰা চলাব বুলি জানিবলৈ পোৱা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular