spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াটীম ইণ্ডিয়াৰ দুৰ্গত কঁপনি,স্পিনাৰ-পেচাৰেই শেষ ভৰষা ভাৰতৰ

টীম ইণ্ডিয়াৰ দুৰ্গত কঁপনি,স্পিনাৰ-পেচাৰেই শেষ ভৰষা ভাৰতৰ

নতুন দিল্লীঃ আশা কৰা মতে আগ নাবাঢ়িল ভাৰতৰ স্ক’ৰবৰ্ড। টীম ইণ্ডিয়াৰ চূড়ান্ত বেটিং সংগ্ৰাম। চৰম নিৰাশাজনক স্থিতিত ভাৰত। হতাশ ভাৰতীয় অনুৰাগী।বলতকৈ ৰান কম বিৰাট বাহিনীৰ।

ভাৰতৰ বেটিং প্ৰদৰ্শনে হতাশ কৰিছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনক। ভাৰতে ২০১০ চনৰ ক্ৰিকেট খেলি আছে বুলি টুইট মাইকেল ভনৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ খেলখনত ভাৰতে নিৰ্ধাৰিত অ’ভাৰত ৫.৫০ গড়ে ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ মন্থৰ ৰান ৰেটে বাৰুকৈ হতাশ কৰিছে প্ৰাক্তন ইংলেণ্ড অধিনায়কক। নিৰ্ণায়ক খেলখনত ভাৰতে ভয়ংকৰ বেটিং দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। নিউজিলেণ্ডৰ বিৰুদ্ধে টছত পৰাজিত হোৱাৰ পাছত ইনিংছ মুকলি কৰিছিল টীম ইণ্ডিয়াই। ঈশান কিষাণ, লোকেশ ৰাহুল, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা বেটছমেনৰ ব্যৰ্থ হৈ ৰয় ডুবাইৰ ষ্টেডিয়ামত। মাত্ৰ ৪৮ ৰানত গুৰত্বপূৰ্ণ ৪টা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই। ট্ৰেণ্ট ব’ল্ট, টীম ছাউদী, ইচৌদিৰ বলিং বিক্ৰমত বিপৰ্যস্ত ভাৰতীয় শিবিৰ। হাৰ্দিক পাণ্ডিয়া,ঋষভ পণ্টৰ দৰে মিডিল অৰ্ডাৰ বেটছমেনো ধৰাশায়ী ডুবাইৰ মঞ্চত। উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ চলিত সপ্তম সংস্কৰণৰ আৰম্ভণিতে ভাৰতে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ হাতত পৰাস্ত হয়। পৰাজয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰা বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে ছেমিফাইনেললৈ উন্নীত হ’বলৈ হ’লে নিউজিলেণ্ডৰ বিৰুদ্ধে জয় অনিবাৰ্য। ভাৰত নে নিউজিলেণ্ড কোনে মাৰিব বিজয়ী হাঁহি কিছুপৰ পাছতে জলজল-পটপট হৈ পৰিব সকলো।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular