spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকমছজিদৰ ভিতৰত কিশোৰীক ধৰ্ষণ! কোনে কিদৰে সংঘটিত কৰিলে এই কাণ্ড?

মছজিদৰ ভিতৰত কিশোৰীক ধৰ্ষণ! কোনে কিদৰে সংঘটিত কৰিলে এই কাণ্ড?

মৰিয়নিঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে মৰিয়নিত সংঘটিত হৈছে অমানৱীয় কাণ্ড। পুনৰ লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী।

আমালৈ অহা খবৰ অনুসৰি, মৰিয়নিৰ চেলেংহাটৰ ডালিম বস্তিৰ মজিদত ইমাম হিচাপে কৰ্মৰত ফাৰুক আহমেদ নামৰ লম্পট এজনে দিন দুপৰতে এগৰাকী ৮বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে। কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, মছজিদৰ ভিতৰত কিশোৰীগৰাকীক পইচা দি ফুচুলাই মাতি লম্পট ফাৰুক আহমেদ নামৰ ইমামজনে ধৰ্ষণ কৰে। পাছত কিশোৰীগৰাকীয়ে লম্পট ইমামজনৰ কু-কাণ্ডৰ বিষয়ে পৰিয়ালক অৱগত কৰাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে লম্পটটোক উত্তম-মাধ্যম শোধাই আৰক্ষীক চমজায় দিয়ে। আৰক্ষীৰ সন্মুখত লম্পট ইমামজনে এই কু-কাণ্ডৰ কথা অস্বীকাৰ কৰা বুলি আমাৰ সাংবাদিকে জনাইছে! ধৃত ফাৰুকৰ আহমেদৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular