--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ এই নীতি অনুসৰি চলিত ২০২৬ বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত দেশৰ কোটি কোটি ৰন্ধন গেছৰ উপভোক্তাৰ বাবে KYC সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰা হৈছিল।

ডিজিটেল ডেস্ক: ৰন্ধন গেছৰ সংযোগৰ ক্ষেত্রত সমগ্র দেশতে দীর্ঘদিনৰ পৰা চলি থকা বেমেজালি তথা জিলা বা অঞ্চল বিশেষে একেটা পৰিয়ালতে দুটাকৈ সংযোগ থকাৰ ফলত আন একাংশ উপভোক্তাই সময়মতে চিলিণ্ডাৰ লাভ কৰাত অনেক সমস্যাই দেখা দি আহিছে। আনকি একেটা পৰিয়ালতে দুটাকৈ সংযোগ থকাৰ ফলত একাংশ লোকে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক'লা বজাৰত বিক্ৰী কৰিবলৈও সুবিধা পাই আহিছে।


সেয়ে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপভোক্তাই যাতে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয় আৰু চিলিণ্ডাৰৰ ক'লা বজাৰ নাইকিয়া কৰাৰ অৰ্থে এটা পৰিয়ালৰ বিপৰীতে এটা সংযোগ নীতি প্রয়োগ কৰি সমগ্ৰ ব্যৱস্থাটোত শৃংখলা অনাৰ অৰ্থে ৰন্ধন গেছৰ সংযোগত আধাৰ সংলগ্ন কে ৱাই চি সংযোজন বাধ্যতামূলক কৰিছে। 


কেন্দ্ৰীয় চৰকাৰৰ এই নীতি অনুসৰি চলিত ২০২৬ বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত (অর্থাৎ আজি) দেশৰ কোটি কোটি ৰন্ধন গেছৰ উপভোক্তাৰ বাবে কে ৱাই চি সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ৰন্ধন গেছৰ সংযোগত কে ৱাই চি সংলগ্ন কৰাৰ যাৱতীয় অনলাইন প্রক্রিয়া যথেষ্ট লেহেমীয়া আৰু স্থান বিশেষে নেটৱৰ্ক দুর্বল হোৱাত ১৫ আগষ্টৰ ভিতৰৰ সময়সীমা অনুসৰি দেশৰ কোনো এখন ৰাজ্যতে কে ৱাই চি সংযোগ কৰাৰ কাম আশা কৰাৰ দৰে হৈ নুঠিল বুলি ভাৰতীয় তেল নিগমৰ এক সূত্ৰত প্রকাশ। এনে অৱস্থাত ৰন্ধন গেছৰ সংযোগত কে ৱাই চি সংলগ্ন কৰাৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিবলৈ বাধ্য হ'ব বুলিও সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে। 


ইফালে উজনি অসমত ৰন্ধন গেছৰ বিতৰণৰ সৈতে জড়িত এটা সূত্রই জানিবলৈ দিছে যে সাম্প্রতিক সময়ত উজনিৰ চাৰিখনকৈ জিলাত সৃষ্টি হোৱা বিধ্বংসী বানে হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰিলে। তেনেদৰে নামনি আৰু উত্তৰ অসমতো বানে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত প্ৰাণ ৰক্ষা কৰিবলৈকে টান হৈ পৰিছে। এনে পৰিস্থিতিত এইখিনি পৰিয়াল আশ্রয় শিবিৰ আৰু ৰাজপথৰ কাষত থাকিব লগীয়া হোৱাৰ সময়তে ৰন্ধন গেছৰ কে ৱাই চিৰ কথা চিন্তা কৰাটো সম্ভৱ নহয় আৰু সেয়েহে কে ৱাই চিৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিবলৈ বাধ্য হ'ব বুলিও সূত্রটোৱে জানিবলৈ দিয়ে। লগতে সূত্ৰটোৱে জানিবলৈ দিছে যে দেশৰ আন ঠাইৰ কথা বাদেই, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতেই বিভিন্ন পৰিস্থিতিত ৰন্ধন গেছৰ কে ৱাই চি সংযোজন প্রক্রিয়া এই পর্যন্ত ৬০ শতাংশও হৈ উঠা নাই। এনে অৱস্থাত কে ৱাই চি সংযোজন কৰাৰ দিন বৃদ্ধি কৰাটো নিতান্তই অনিবার্য বুলিও সূত্ৰটোৱে মন্তব্য কৰিছে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ