--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ এই নীতি অনুসৰি চলিত ২০২৬ বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত দেশৰ কোটি কোটি ৰন্ধন গেছৰ উপভোক্তাৰ বাবে KYC সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰা হৈছিল।

ডিজিটেল ডেস্ক: ৰন্ধন গেছৰ সংযোগৰ ক্ষেত্রত সমগ্র দেশতে দীর্ঘদিনৰ পৰা চলি থকা বেমেজালি তথা জিলা বা অঞ্চল বিশেষে একেটা পৰিয়ালতে দুটাকৈ সংযোগ থকাৰ ফলত আন একাংশ উপভোক্তাই সময়মতে চিলিণ্ডাৰ লাভ কৰাত অনেক সমস্যাই দেখা দি আহিছে। আনকি একেটা পৰিয়ালতে দুটাকৈ সংযোগ থকাৰ ফলত একাংশ লোকে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক'লা বজাৰত বিক্ৰী কৰিবলৈও সুবিধা পাই আহিছে।


সেয়ে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপভোক্তাই যাতে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয় আৰু চিলিণ্ডাৰৰ ক'লা বজাৰ নাইকিয়া কৰাৰ অৰ্থে এটা পৰিয়ালৰ বিপৰীতে এটা সংযোগ নীতি প্রয়োগ কৰি সমগ্ৰ ব্যৱস্থাটোত শৃংখলা অনাৰ অৰ্থে ৰন্ধন গেছৰ সংযোগত আধাৰ সংলগ্ন কে ৱাই চি সংযোজন বাধ্যতামূলক কৰিছে। 


কেন্দ্ৰীয় চৰকাৰৰ এই নীতি অনুসৰি চলিত ২০২৬ বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত (অর্থাৎ আজি) দেশৰ কোটি কোটি ৰন্ধন গেছৰ উপভোক্তাৰ বাবে কে ৱাই চি সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ৰন্ধন গেছৰ সংযোগত কে ৱাই চি সংলগ্ন কৰাৰ যাৱতীয় অনলাইন প্রক্রিয়া যথেষ্ট লেহেমীয়া আৰু স্থান বিশেষে নেটৱৰ্ক দুর্বল হোৱাত ১৫ আগষ্টৰ ভিতৰৰ সময়সীমা অনুসৰি দেশৰ কোনো এখন ৰাজ্যতে কে ৱাই চি সংযোগ কৰাৰ কাম আশা কৰাৰ দৰে হৈ নুঠিল বুলি ভাৰতীয় তেল নিগমৰ এক সূত্ৰত প্রকাশ। এনে অৱস্থাত ৰন্ধন গেছৰ সংযোগত কে ৱাই চি সংলগ্ন কৰাৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিবলৈ বাধ্য হ'ব বুলিও সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে। 


ইফালে উজনি অসমত ৰন্ধন গেছৰ বিতৰণৰ সৈতে জড়িত এটা সূত্রই জানিবলৈ দিছে যে সাম্প্রতিক সময়ত উজনিৰ চাৰিখনকৈ জিলাত সৃষ্টি হোৱা বিধ্বংসী বানে হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰিলে। তেনেদৰে নামনি আৰু উত্তৰ অসমতো বানে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত প্ৰাণ ৰক্ষা কৰিবলৈকে টান হৈ পৰিছে। এনে পৰিস্থিতিত এইখিনি পৰিয়াল আশ্রয় শিবিৰ আৰু ৰাজপথৰ কাষত থাকিব লগীয়া হোৱাৰ সময়তে ৰন্ধন গেছৰ কে ৱাই চিৰ কথা চিন্তা কৰাটো সম্ভৱ নহয় আৰু সেয়েহে কে ৱাই চিৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিবলৈ বাধ্য হ'ব বুলিও সূত্রটোৱে জানিবলৈ দিয়ে। লগতে সূত্ৰটোৱে জানিবলৈ দিছে যে দেশৰ আন ঠাইৰ কথা বাদেই, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতেই বিভিন্ন পৰিস্থিতিত ৰন্ধন গেছৰ কে ৱাই চি সংযোজন প্রক্রিয়া এই পর্যন্ত ৬০ শতাংশও হৈ উঠা নাই। এনে অৱস্থাত কে ৱাই চি সংযোজন কৰাৰ দিন বৃদ্ধি কৰাটো নিতান্তই অনিবার্য বুলিও সূত্ৰটোৱে মন্তব্য কৰিছে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী