--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি চিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ ত্ৰিৰংগা নিচান উৰুৱাইছিল।

ডিজিটেল ডেস্কঃ আজি দেশে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন-পীড়ন আৰু অত্যাচাৰক নেওচি ১৯৪৭ চনত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচলেই হল এই স্বাধীনতা। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি চিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ ত্ৰিৰংগা নিচান উৰুৱাইছিল।


বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল। সেয়েহে, আজিৰ এই পবিত্ৰ স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে সেই সকলো মহান স্বাধীনতা সংগ্ৰামীক গভীৰভাৱে সোঁৱৰিছো; যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ গৌৰৱান্বিত নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।


ইফালে, স্বাধীনতা দিৱসৰ এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কটকটীয়া আৰু বহুস্তৰীয় নিৰাপত্তাৰ মাজত লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৷ এইবাৰ স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে লালকিল্লাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ পৰিবেশন কৰা হয় ৷ ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ উপলক্ষ্যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷


দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "এয়া এক ঐতিহাসিক দিন ৷ আজি আমি সকলোৱে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো । আজি প্ৰতিজনৰ হৃদয়ত 'বন্দে মাতৰম'ৰ ধ্বনি প্ৰতিধ্বনিত হৈছে । আজি প্ৰতিখন ঘৰতে তিৰংগা উৰিছে ৷ দেশে উদ্যম আৰু উৎসাহেৰে আগবাঢ়িছে, নতুন সংকল্প গ্ৰহণ কৰিছে।"


ইতিমধ্যে দেশৰ প্ৰতিটো প্ৰান্ততে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ উলহ-মালহেৰে আৰম্ভ হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপক আৰু উৎসাহজনকভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। সকলোলৈ স্বাধীনতা দিৱসৰ অফুৰন্ত শুভকামনা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ