--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি চিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ ত্ৰিৰংগা নিচান উৰুৱাইছিল।

ডিজিটেল ডেস্কঃ আজি দেশে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন-পীড়ন আৰু অত্যাচাৰক নেওচি ১৯৪৭ চনত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচলেই হল এই স্বাধীনতা। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি চিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ ত্ৰিৰংগা নিচান উৰুৱাইছিল।


বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল। সেয়েহে, আজিৰ এই পবিত্ৰ স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে সেই সকলো মহান স্বাধীনতা সংগ্ৰামীক গভীৰভাৱে সোঁৱৰিছো; যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ গৌৰৱান্বিত নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।


ইফালে, স্বাধীনতা দিৱসৰ এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কটকটীয়া আৰু বহুস্তৰীয় নিৰাপত্তাৰ মাজত লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৷ এইবাৰ স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে লালকিল্লাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ পৰিবেশন কৰা হয় ৷ ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ উপলক্ষ্যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷


দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "এয়া এক ঐতিহাসিক দিন ৷ আজি আমি সকলোৱে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো । আজি প্ৰতিজনৰ হৃদয়ত 'বন্দে মাতৰম'ৰ ধ্বনি প্ৰতিধ্বনিত হৈছে । আজি প্ৰতিখন ঘৰতে তিৰংগা উৰিছে ৷ দেশে উদ্যম আৰু উৎসাহেৰে আগবাঢ়িছে, নতুন সংকল্প গ্ৰহণ কৰিছে।"


ইতিমধ্যে দেশৰ প্ৰতিটো প্ৰান্ততে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ উলহ-মালহেৰে আৰম্ভ হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপক আৰু উৎসাহজনকভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। সকলোলৈ স্বাধীনতা দিৱসৰ অফুৰন্ত শুভকামনা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী