spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeবিশ্বক'ৰ'না যোৱাই নাই, আহিল নিপাঃ কিন্তু ক'ত?

ক’ৰ’না যোৱাই নাই, আহিল নিপাঃ কিন্তু ক’ত?

ডিজিটেল ডেস্কঃ ক’ৰ’নাৰ তাণ্ডৱ শাম কটাই নাই। অথচ ইতিমধ্যেই আহি হাজিৰ হৈছে নিপা ভাইৰাছ।হয় ঠিকেই পঢ়িছে,কেৰালাত এইবাৰ আহিছে নিপা ভাইৰাছ।ৰাজ্যখনৰ স্বাস্হ্য মন্ত্ৰী বীনা জৰ্জে প্ৰকাশ কৰে যে নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত এগৰাকী বাৰ বছৰীয়া কিশোৰৰ আজি পুৱা পাঁচ বজাত কেৰালাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।


পুনে নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীয়ে যাৱতীয় পৰীক্ষাৰ অন্তত শিশুটিৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰে।

কেন্দ্ৰীয় চৰকাৰেও কেৰেলাত নিপা ভাইৰাছৰ সংক্ৰমণৰ এই ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লৈছে।ইতিমধ্যেই চৰকাৰে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ এটা দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে , এই মাৰাত্মক নিপা ভাইৰাছ বাদুলীৰ লেলাৱতিৰ মাধ্যমত মানুহৰ দেহলৈ বিয়পে । কেৰালাৰ স্বাস্হ্যমন্ত্ৰী জনে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে মৃত্যু হোৱা কিশোৰটিৰ সংস্পৰ্শলৈ অহা লোকসকলক পৃথকে ৰখা হৈছে।অৱশ্যে আশাব্যঞ্জকভাৱে এতিয়ালৈকে তেওঁৰ সংস্পৰ্শলৈ অহা কোনো ব্যক্তিৰ দেহতে মাৰাত্মক ৰোগবিধৰ লক্ষণ পৰিলক্ষিত হোৱা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Sat
26 °
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular