ডিজিটেল ডেস্ক: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী। দুৰ্গতিনাশিনী দুৰ্গা মাক আৰাধনা কৰিবলৈ সাজু ৰাজ্যবাসী। পূজাৰ বজাৰ কৰাত ব্যস্ত প্ৰতিটো পৰিয়াল। কিন্তু তেনে সময়তে টিহুৰ মাখিবাহাত দেখা গ’ল মহিলাৰ চকুলো। পূজাৰ আনন্দ উল্লাসৰ বিপৰীতে চকুলো টুকি দুখত ভাগি পৰিল মহিলাসকল। কাৰণ মহিলাসকলৰ জমা কৰা সাচতিয়া ধন লৈ উধাও হ'ল এগৰাকী মহিলা।
প্ৰায় বিশ বছৰ ধৰি মাখিবাহাত ভাড়াতীয়া হিচাপে আছিল দুই সন্তানসহ স্বামী-স্ত্ৰী জিতু ৰাজবংশী আৰু ডালিমী কলিতা। জিতু আৰু ডালিমীৰ কনিষ্ঠ সন্তানটি(কন্যা) বিশেষভাৱে সক্ষম। ডালিমী কলিতা নামৰ মহিলাগৰাকী অতি কম দিনৰ ভিতৰতে সকলোৰে হৈ পৰিছিল আপোন। ডালিমীয়ে চলাই আহিছিল এটি সঞ্চয় আঁচনি। ডালিমীয়ে চলাই অহা সঞ্চয় আঁচনিত ধন জমা কৰিছিল বৃহত্তৰ অঞ্চলৰ মহিলাসকলে।
শেহতীয়াকৈ শশাংক শেখৰ শৰ্মা নামৰ এজন লোকৰ ঘৰত তিনি বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল ডালিমী কলিতাৰ পৰিয়াল। সকলোৰে বিশ্বাসী হৈ পৰা ডালিমীয়ে শেহতীয়াভাৱে চল চাতুৰীৰে বহু মহিলাৰ পৰা সংগ্ৰহ কৰিছিল লাখে লাখে টকা। অতি চতুৰ ডালিমীয়ে যোৱা ১০ অক্টোবৰ শনিবাৰে ভাড়াঘৰৰ মালিক পক্ষৰ কোনো লোক নথকাৰ সুযোগ লৈ মহিলাসকলৰ প্ৰায় ৪০/৪৫ লাখ টকা জমাধন সহ তেওঁৰ মূল্যবান সামগ্ৰী লৈ এখন গাড়ী ভাড়া কৰি স্বামী আৰু সন্তানক এৰি উধাও হয় আৰু পিচদিনা স্বামী জিতু ৰাজবংশীয়ে বিশেষভাৱে সক্ষম সন্তানক অকলে এৰি জ্যেষ্ঠ পুত্ৰক লগত লৈ পলায়ন কৰে। ইয়াৰ পিচতে অঞ্চল টোত হৈ-ছৈ লাগে।
বিশেষভাৱে সক্ষম শিশুটোক লৈ সমস্যাৰ সৃষ্টি হোৱাত আৰক্ষীৰ সহায়ত ভাড়াঘৰৰ মালিকে নলবাৰীৰ চৰকাৰী শিশু গৃহত শিশুটোক থৈ আহে। বহু মহিলাই স্বামীক নজনাকৈয়ে ডালিমীৰ হাতত জমা কৰিছিল ধন। প্ৰতিটো পৰিয়ালতে এতিয়া আৰম্ভ হৈছে স্বামী-স্ত্ৰীৰ কাজিয়া। প্ৰতিখন ঘৰতে এতিয়া দুখৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে। পূজাৰ সময়ত এতিয়া কান্দোনত ভাগি পৰিছে মহিলাসকল। ইতিমধ্যে মহিলাসকলে টিহু আৰক্ষীক এজাহাৰ দাখিল কৰি অতি সোনকালে ডালিমী কলিতাক আটক কৰি জমা ধন ঘূৰাই দিবলৈ আৰক্ষীক অনুৰোধ জনায়।