ডিজিটেল ডেস্ক: শাৰদীয় দুৰ্গাপূজাৰ আনন্দ-উল্লাসে চৌদিশে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। ঘৰে ঘৰে চলিছে মা দুৰ্গাক আদৰাৰ শেষ প্রস্তুতি। পূজাৰ এই বতৰতে চৰ্চালৈ আহিছে এগৰাকী অসাধাৰণ শিল্পী, যাৰ সংগ্ৰাম আৰু শিল্পসাধনাই সকলোকে অনুপ্ৰাণিত কৰিছে। শাৰীৰিক প্ৰতিবন্ধকতাত হাৰ নামানি, জীৱনৰ কঠিন বাস্তৱক নেওচি বিগত ১৮ বছৰ ধৰি দুৰ্গা প্ৰতিমাত প্ৰাণৰ পৰশ দি আহিছে কাছাৰ জিলাৰ কাটিগড়াৰ সিদ্ধেশ্বৰ গাঁৱৰ মণ্টু পাল নামৰ শিল্পীগৰাকীয়ে।
জীৱনত নামি অহা এক ডাঙৰ বিপৰ্যয়েও মণ্টু পালৰ শিল্পৰ প্ৰতি থকা হেঁপাহ ম্লান কৰিব পৰা নাছিল। কেইবছৰমান পূর্বে সংঘটিত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি একেবাৰে হেৰুৱাবলগীয়া হৈছিল। এজন সাধাৰণ মানুহৰ বাবে এই পৰিস্থিতি আছিল অত্যন্ত মৰ্মান্তিক আৰু ভাঙি পৰাৰ দৰে। কিন্তু মণ্টু পাল ভাঙি পৰা নাছিল; তেওঁৰ আছিল অদম্য মনোবল। ভৰি নথকাৰ বাবে আঁঠুৰে চুঁচৰি চুঁচৰি তেওঁ মাটিৰে প্ৰতিমা গঢ়াৰ কামত দিনে-নিশাই ব্যস্ত হৈ পৰে।
এই কঠিন যাত্ৰাত মণ্টু পালৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁৰ পৰিয়াল। শিল্পীগৰাকীৰ এই সংগ্ৰামত তেওঁৰ কাষত ছাঁৰ দৰে থিয় দিছে তেওঁৰ পত্নী আৰু সন্তানে। পৰিয়ালৰ সহযোগ অবিহনে এই কাম অব্যাহত ৰখা তেওঁৰ বাবে অসম্ভব আছিল। পত্নী আৰু সন্তানৰ প্ৰত্যক্ষ সহায়ত তেওঁ প্ৰতিমা নিৰ্মাণৰ প্ৰতিটো কাম অত্যন্ত নিখুঁতভাৱে সম্পূৰ্ণ কৰে। এইবাৰৰ দুৰ্গাপূজাৰ বাবে তেওঁ একেবাৰে নিজ হাতেৰে নিৰ্মাণ কৰিছে মুঠ ১৬ভাগ সুন্দৰ দুৰ্গা প্ৰতিমা।
শেহতীয়া দিনত বজাৰত দ্ৰব্যমূল্য বৃদ্ধি পোৱাৰ ফলত প্ৰতিমা নিৰ্মাণত ব্যৱহৃত হোৱা বিভিন্ন সামগ্ৰীৰ দামো প্ৰায় দুগুণ বৃদ্ধি পাইছে। ইয়াৰ ফলত শিল্পীগৰাকীৰ মূৰত পৰিছে আৰ্থিক সংকটৰ বোজা। ৰং, বাঁহ, খেৰ, বালি আৰু মাটিৰ চৰা দামৰ বাবে পূৰ্বৰ তুলনাত খৰচ বহু পৰিমাণে বৃদ্ধি পাইছে যদিও ইয়াৰ মাজতো তেওঁ নিজৰ কৰ্মৰ পৰা পিছহুহুকা হোৱা নাই। শিল্পৰ প্ৰতি থকা টানেই তেওঁৰ প্ৰধান মূলধন।
শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও যে মানুহৰ ইচ্ছা শক্তিৰ পথত হেঙাৰ হ’ব নোৱাৰে, তাৰ এক জলন্ত উদাহৰণ মন্টু পাল। তেওঁৰ এই সংগ্ৰামে এতিয়া প্ৰতিজন লোকৰ হৃদয় চুই গৈছে।