spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকআলোচনাৰ বাটত পৰেশ বৰুৱাৰ দ্বিতীয়টো খোজ; চৰকাৰৰ সদিচ্ছা কিমান?

আলোচনাৰ বাটত পৰেশ বৰুৱাৰ দ্বিতীয়টো খোজ; চৰকাৰৰ সদিচ্ছা কিমান?


ডিজিটেল ডেস্ক : চাৰি দশকৰো অধিক সময় ধৰি অসমৰ সামাজিক-ৰাজনৈতিক জীৱনক জোকাৰি থকা এটা বিষয় হৈছে আলফা। আলফাৰ সংগ্ৰামে বিগত চাৰিটা দশকৰো অধিক সময় জোকাৰি আছে অসমৰ জনজীৱন। অসমৰ স্বাধিকাৰ ৰক্ষাৰ বাবে আৰম্ভ হোৱা এই গণমুখী সংগ্ৰামে পাছৰ পৰ্যায়ত ৰক্তাক্ত ৰূপ লয় আৰু ই অসমৰ ইতিহাসৰ এক অতি বেদনাদায়ক অধ্যায়ত পৰিণত হয়। এতিয়া ইয়াৰ ৰূপ স্তিমিত যদিও আলফা সমস্যাৰ সমাধান আজিও সম্পূৰ্ণৰূপে হোৱা নাই। সামৰিক দমনৰ এটা ক’লা অধ্যায়ৰ পাছত এতিয়া শান্তি আলোচনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে যদিও ইও এক ফলপ্ৰসু ৰূপ পোৱা পৰিলক্ষিত হোৱা নাই।

শেহতীয়াকৈ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ একাধিক পদক্ষেপে এইদিশত পুনৰ নতুন আশাৰ সঞ্চাৰ কৰা দেখা গৈছে। এইকথা কাৰো অবিদিত নহয় যে, অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ অংশই আলোচনাৰ বাবে অস্ত্ৰবিৰতিৰে ওলাই আহিছিল মূলসুঁতিলৈ। তাৰ পাছতো অনমনীয় এক অৱস্থানেৰে পৰেশ বৰুৱাই তেওঁৰ সংগ্ৰাম চলাই গৈছিল। কিন্তু শেহতীয়াকৈ পৰেশ বৰুৱাৰো যেন মন সলনি হ’বলৈ ধৰিছে। মন কৰিবলগীয়া যে, অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল। এই আহ্বানক পোনপটীয়াকৈ সঁহাৰি নিদিলেও ১৪ মে’ত পৰেশ বৰুৱাই ঘোষণা কৰিছিল অস্ত্ৰবিৰতি। ছমাহৰ বাবে ঘোষণা কৰা এই অস্ত্ৰবিৰতিৰ ম্যাদ অন্ত পৰাৰ পাছত তেওঁ পুনৰ ১৪ ফেব্ৰুৱাৰীলৈ এই অস্ত্ৰবিৰতি বঢ়াই দিয়ে।

এই সময়ছোৱাত আলফা(স্বাঃ)ই সকলোধৰণৰ কূটাঘাতৰ পৰা বিৰত থাকি অস্ত্ৰবিৰতিৰ চৰ্ত মানি চলাও পৰিলক্ষিত হৈছে। অৰ্থাৎ শান্তি প্ৰক্ৰিয়াটো চলাই নিয়াৰ ক্ষেত্ৰত সংগঠনটোৰ এতিয়াৰ ভূমিকা আশাপ্ৰদই বুলিব পাৰি। কিন্তু কথা হ’ল চৰকাৰে পৰৱৰ্তী পদক্ষেপসমূহ কিদৰে আগুৱাই নিব। পৰেশ বৰুৱাই আলোচনাৰ বাবে কেইটামান বিশেষ চৰ্ত আৰোপ কৰিছে। তাৰ ভিতৰত আটাইতকৈ স্পৰ্শকাতৰ বিষয়কেইটা হৈছে সাৰ্বভৌমত্বৰ বিষয়টো লৈ আলোচনা কৰা, তৃতীয় কোনো এখন দেশত আলোচনা অনুষ্ঠিত কৰা আৰু আলোচনাৰ সময়ত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি উপস্থিত থকাৰ চৰ্ত আৰোপ কৰিছিল পৰেশ বৰুৱাই। কিন্তু কোনো কোনো এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে দেশৰ আভ্যন্তৰীণ বিষয় এটা সমাধান কৰিবলৈ গৈ এনে চৰ্ত মানি লোৱাটো সম্ভৱপৰ নহয়।

আৰু পঢ়কঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব কংগনা ৰাণাৱট!

সেয়েহে এই চৰ্তই আলোচনাৰ মেজত আলফা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ আশংকাও নথকা নহয়। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কূটনৈতিক কৌশলেৰে বিষয়টোৰে মোকাবিলা কৰে সেয়া লক্ষ্যণীয় হ’ব। মন কৰিবলগীয়া কথাটো হৈছে পূৰ্বে আলোচনাৰ মজিয়ালৈ ওলাই অহা আলফাৰ অৰবিন্দ ৰাজখোৱাপন্থী গোটটোৰ সৈতেও আলোচনা প্ৰক্ৰিয়া বৰ বিশেষ আগবঢ়া নাই। কেন্দ্ৰীয় চৰকাৰে সংগঠনটোৰ প্ৰতিনিধিসকলৰ সৈতে খুব মৰ্যাদাপূৰ্ণভাৱে আৰু সমাধানমুখী পদক্ষেপেৰে আগবঢ়া নাই বুলিও অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলত মূলসুঁতিলৈ উভতি অহা হাজাৰ হাজাৰ কেডাৰৰ অনিশ্চয়তাৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। এই পৰিস্থিতি অব্যাহত থাকিলে আলফা (স্বাঃ)ৰে আলোচনা প্ৰক্ৰিয়াও বাধাগ্ৰস্ত হৈ পৰাৰ আশংকা আছে আৰু অসমৰ স্থায়ী শান্তিৰ প্ৰক্ৰিয়াও বিপন্ন হৈ পৰা আশংকা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular