--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উন্মোচক জুলা শৰ্মাক এখনি ফুলাম গামোচাৰে আদৰণি জনায় স্মৰণিকা সমিতিৰ সভাপতি কমলজিৎ কলিতাই। উন্মোচনী ভাষণত শ্ৰীযুতা শৰ্মাই সমাজত আধ্যাত্মিকতাৰ প্ৰয়োজন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ এখন পুৰণি দুৰ্গা পূজা উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ ৭৯ সংখ্যক দুৰ্গা পূজা উদযাপন উপলক্ষত প্ৰকাশিত স্মৰণিকা ‘দেৱী’ৰ আজি শুভ উন্মোচন কৰা হয়। উলুবাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি, প্ৰাক্তন সাংসদ কুইন ওজা আৰু সম্পাদক নন্দেশ্বৰ ডেকাৰ পৰিচালনাত উলুবাৰী মহাদেৱ মন্দিৰৰ পূজা মণ্ডপত অনুষ্ঠিত সভাত দীপক বৰ্মন সম্পাদিত স্মৰণিকা 'দেৱী' উন্মোচন কৰে আধ্যাত্মিক আৰু বৈদিক শাস্ত্ৰৰ গৱেষক, কেইবাখনো ধৰ্মীয় গ্ৰন্থৰ ৰচয়িতা জুলা শৰ্মাই । 


উন্মোচক জুলা শৰ্মাক এখনি ফুলাম গামোচাৰে আদৰণি জনায় স্মৰণিকা সমিতিৰ সভাপতি কমলজিৎ কলিতাই। উন্মোচনী ভাষণত শ্ৰীযুতা শৰ্মাই সমাজত আধ্যাত্মিকতাৰ প্ৰয়োজন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে দেৱীৰ শক্তি আৰু মাহাত্ম্যৰ বিষয়েও চমুকৈ কয়। সভাত স্মৰণিকা সমিতিৰ পাপৰি ৰায় মেধি বৰ্মন, বিনীতা দত্ত চৌধুৰী, পূজা পৰিচালনা সমিতিৰ অৰূপজ্যোতি চৌধুৰী, ভৃগুমণি কলিতা, বিপ্লৱ কলিতা, মৃদুল তালুকদাৰ, কৈলাশ দাস, কমলেন্দ্ৰ ভৰালী, প্ৰকাশ বৰ্মন প্ৰমুখ্যে বহুতো ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। 


সভাখনৰ আঁত ধৰে স্মৰণিকাৰ সম্পাদক দীপক বৰ্মনে। পূজা সমিতিৰ সভাপতি কুইন ওজাই এইবেলিও সকলোৰে সহযোগিতাত পূজাখন সুকলমে সমাপন হ'ব বুলি আশা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী