--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুলীপ ট্ৰফীৰ ইতিহাসত তেনেদৰেই অর্ধশতক অৰ্জন কৰা সবাতোকৈ কম বয়সীয়া ক্রিকেটাৰত পৰিণত হয় বৈভৱ। তেওঁ ৪২টা বলত অর্জন কৰে অর্ধশতক।

ডিজিটেল ডেস্ক: দুলীপ ট্ৰফী ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত ৰান পোৱা নাছিল বৈভৱ সূর্যবংশীয়ে। পিছে ১৫ বছৰীয়া বেটিং চাঞ্চল্য বৈভৱে ছেমি ফাইনেলত অভিলেখ গঢ়ে। পূব মণ্ডলৰ হৈ মধ্য মণ্ডলৰ বিৰুদ্ধে ৮১টা বলত ৯২ ৰানৰ ইনিংছ খেলে বৈভৱে।


দুলীপ ট্ৰফীৰ ইতিহাসত তেনেদৰেই অর্ধশতক অৰ্জন কৰা সবাতোকৈ কম বয়সীয়া ক্রিকেটাৰত পৰিণত হয় বৈভৱ। তেওঁ ৪২টা বলত অর্জন কৰে অর্ধশতক। বিশাল ছয় কোবাই সেই কৃতিত্ব অর্জন কৰে। মাত্র ১৫ বছৰ ১৭৫ দিনত সেই অভিলেখৰ গৰাকী হয় বৈভৱ। তেওঁৰ আগেয়ে সেই অভিলেখৰ গৰাকী আছিল লক্ষ্মন সিং। ১৯৬৯ চনত তেওঁ ১৬ বছৰ ২৩ দিনত অর্ধশতৰান অৰ্জন কৰিছিল। 


বৈভৱে সেই ৫৭ বছৰীয়া অভিলেখ কালি ভংগ কৰে। দুলীপ ট্রফীৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া বেটাৰ হিচাপে শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িব পাৰিলেহেঁতেন বৈভৱে। মাত্র ৮ ৰানৰ বাবে সেই অভিলেখৰ পৰা বঞ্চিত হয় বেটিং চাঞ্চল্য বৈভৱে। তেওঁ ৮১টা বলত ৭টা চাৰি আৰু ৭টা ছিক্সাৰ কোৱাইছিল। ইফালে বৈভৱৰ অভিলেখ সৃষ্টিকাৰী ইনিংছ সত্ত্বেও পূব মণ্ডলে প্রথম ইনিংছত অগ্রগতি লাভ কৰাৰ সুযোগ হেৰুৱালে। মধ্য মণ্ডলৰ ২৬৬ ৰানৰ প্ৰত্যুত্তৰত পূব মণ্ডলেও সমসংখ্যক ৰানতে কেউটা উইকেট হেৰুৱায়। 


বাওঁহতীয়া স্পীনাৰ হৰ্ষ ডুবে (৪-৬৬) আৰু পেচাৰদ্বয় যশ ঠাকুৰ (৩-৬৬) আৰু আৰিয়ান পাণ্ডেই (৩-৪৩) পূব মণ্ডলৰ কেউটা উইকেট ভগায় লয়। পৰৱৰ্তী সময়ত মধ্য মণ্ডলে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত সংগ্ৰহ কৰে তিনি উইকেটত ৪৫ ৰান। দিনান্তত অমন মুখাডেই ২৩ আৰু আৰিয়ান পাণ্ডেই ৪ ৰানত বেট ধৰি থাকে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন