ডিজিটেল ডেস্ক: দুলীপ ট্ৰফী ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত ৰান পোৱা নাছিল বৈভৱ সূর্যবংশীয়ে। পিছে ১৫ বছৰীয়া বেটিং চাঞ্চল্য বৈভৱে ছেমি ফাইনেলত অভিলেখ গঢ়ে। পূব মণ্ডলৰ হৈ মধ্য মণ্ডলৰ বিৰুদ্ধে ৮১টা বলত ৯২ ৰানৰ ইনিংছ খেলে বৈভৱে।
দুলীপ ট্ৰফীৰ ইতিহাসত তেনেদৰেই অর্ধশতক অৰ্জন কৰা সবাতোকৈ কম বয়সীয়া ক্রিকেটাৰত পৰিণত হয় বৈভৱ। তেওঁ ৪২টা বলত অর্জন কৰে অর্ধশতক। বিশাল ছয় কোবাই সেই কৃতিত্ব অর্জন কৰে। মাত্র ১৫ বছৰ ১৭৫ দিনত সেই অভিলেখৰ গৰাকী হয় বৈভৱ। তেওঁৰ আগেয়ে সেই অভিলেখৰ গৰাকী আছিল লক্ষ্মন সিং। ১৯৬৯ চনত তেওঁ ১৬ বছৰ ২৩ দিনত অর্ধশতৰান অৰ্জন কৰিছিল।
বৈভৱে সেই ৫৭ বছৰীয়া অভিলেখ কালি ভংগ কৰে। দুলীপ ট্রফীৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া বেটাৰ হিচাপে শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িব পাৰিলেহেঁতেন বৈভৱে। মাত্র ৮ ৰানৰ বাবে সেই অভিলেখৰ পৰা বঞ্চিত হয় বেটিং চাঞ্চল্য বৈভৱে। তেওঁ ৮১টা বলত ৭টা চাৰি আৰু ৭টা ছিক্সাৰ কোৱাইছিল। ইফালে বৈভৱৰ অভিলেখ সৃষ্টিকাৰী ইনিংছ সত্ত্বেও পূব মণ্ডলে প্রথম ইনিংছত অগ্রগতি লাভ কৰাৰ সুযোগ হেৰুৱালে। মধ্য মণ্ডলৰ ২৬৬ ৰানৰ প্ৰত্যুত্তৰত পূব মণ্ডলেও সমসংখ্যক ৰানতে কেউটা উইকেট হেৰুৱায়।
বাওঁহতীয়া স্পীনাৰ হৰ্ষ ডুবে (৪-৬৬) আৰু পেচাৰদ্বয় যশ ঠাকুৰ (৩-৬৬) আৰু আৰিয়ান পাণ্ডেই (৩-৪৩) পূব মণ্ডলৰ কেউটা উইকেট ভগায় লয়। পৰৱৰ্তী সময়ত মধ্য মণ্ডলে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত সংগ্ৰহ কৰে তিনি উইকেটত ৪৫ ৰান। দিনান্তত অমন মুখাডেই ২৩ আৰু আৰিয়ান পাণ্ডেই ৪ ৰানত বেট ধৰি থাকে।
উৎস: দৈনিক জনমভূমি